ETV Bharat / state

Karbi Lammet Amei: কাৰ্বি সাহিত্য সভাৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - Bidya Sing Engleng

সোমবাৰে অনুষ্ঠিত কৰা হ’ল কাৰ্বি সাহিত্য সভাৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই উদ্বোধন কৰা হয় কাৰ্বি সাহিত্য সভাৰ নতুন কাৰ্যালয় ৷ এতিয়াৰে পৰা ডিফু-লামডিং পথৰ তিনিকিলো হ’ল কাৰ্বি লাম্মেট আমেইৰ নতুন কাৰ্যালয় (Karbi Lammet Amei establish day) ৷

Karbi Lammet Amei
কাৰ্বি সাহিত্য সভাৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Mar 27, 2023, 10:59 PM IST

কাৰ্বি সাহিত্য সভাৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিফু, 27 মাৰ্চ: কাৰ্বি লাম্মেট আমেইৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই কাৰ্বি লাম্মেট আমেই (কাৰ্বি সাহিত্য সভা) লাভ কৰিলে এটি নৱ নিৰ্মিত আটক ধুনীয়া মুখ্য কাৰ্যালয় ৷ ফলত ঠিকনা সলনি হ’ল কাৰ্বি লাম্মেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ ভৱনৰ ৷ ডিফুৰ ৰংথিয়াংৰ পুৰণি কাৰ্যালয়ৰ ঠিকনা সলনি কৰি ডিফু-লামডিং পথৰ তিনিকিলোত স্থাপন হ’ল নতুন মুখ্য কাৰ্যালয়টো (Karbi Lammet Amei establish day) ৷

এতিয়াৰে পৰা কাৰ্বি লাম্মেট আমেইৰ নতুন ঠিকনা ডিফু-লামডিং পথৰ তিনিকিলো ৷ কাৰ্বি লাম্মেট আমেই চমুকৈ কেএলএৰ নৱ নিৰ্মিত মুখ্য কাৰ্যালয়টো সোমবাৰে আনুষ্ঠানিত ভাৱে শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (Dr Tuliram Ronghang) ৷

উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি জাতীয় সংগঠনটোৰ বাবে 2 কোটি টকা ব্যয় সাপেক্ষে এবছৰ পূৰ্বে তুলিৰাম ৰংহাঙে ভৱনটো আধাৰশিলা স্থাপন কৰিছিল ৷ সোমবাৰে নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰিবলৈ পাই যথেষ্ঠ সুখী বুলি সাংবাদিকৰ আগত সদৰী কৰে তুলিৰাম ৰংহাঙে (Karbi Lammet Amei office innaguration) ৷ কাৰ্বি ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত পৰিষদৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

কেএলএৰ নেতৃবৰ্গই নৱ নিৰ্মিত ভৱনটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা দেৱালকে আৰম্ভ কৰি অনান্য অভাৱ-অভযোগ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰি দাবীসমূহ বিবেচনা কৰি পূৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে ৷ কাৰ্বি লাম্মেট আমেইৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

ইয়াৰ পূৰ্বে কাৰ্বি লাম্পেট আমেইৰ সাধাৰণ সম্পাদক জয়ছিং টকবীয়ে আঁত ধৰা অনুষ্ঠান পতাকা উত্তোলন কৰে কেএলএৰ সভাপতি বাৰিম ইংতিয়ে আৰু প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক লুণছে তিমুঙে শ্বহীদক সোঁৱৰি স্মৃতি তৰ্পন কাৰ্যসূচী সম্পন্ন কৰে ৷ অনুষ্ঠানত অতিথিৰূপে স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং (Bidya Sing Engleng), বিশিষ্ট কবি পদ্মশ্ৰী ধনেশ্বৰ ইংতি, পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’কে ধৰি পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক: Bru voters of Mizoram: মিজোৰামৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব ব্ৰু জনজাতিৰ ভোটাৰৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.