ডিফু , 4 ফেব্ৰুৱাৰী : সমগ্ৰ দেশতে ক’ৰোনা মহামাৰীৰ বিধ্বংসী ৰূপ ৷ এই ক’ৰণা মহামাৰীৰ বাবেই পিছুৱালে 48 সংখ্যক কাৰ্বি মহোৎসৱ ৷ ৰাজ্যতো চৰকাৰে এছঅ'পি, নৈশ সান্ধ্য আইনৰ উপৰি অনান্য বহু বাধ্য বাধকতা আৰোপ কৰা দেখা গৈছে ৷ এনে কাৰণত কিছু পৰিমাণে হ’লেও সাধাৰণ জীৱন-যাত্ৰা বাধাগ্ৰস্ত হৈছে ৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী অথবা ব্যক্তিগত অনুষ্ঠান আদি আয়োজন কৰাৰ ক্ষেত্ৰতো আয়োজক সমিতি বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
কাৰ্বি আংলঙৰ ডিফুৰ সমীপৰ তাৰালাংছৰ কাৰ্বি পিপুলছ হলত প্ৰতি বছৰৰ 15 ৰ পৰা 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈ আহিছে হেঁপাহৰ কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival) ৷ কেৱল উত্তৰ-পুৱ ভাৰতৰে নহয় সমগ্ৰ দেশৰ বাবে লেখত ল’বলগীয়া যুৱ মহোৎসৱে গৰকিছে 48 টাকৈ গৌৰৱোজ্জল বৰ্ষ ৷
এইবাৰো মহোৎসৱটি আয়োজন কৰিবলৈ অতি উলহ-মালহেৰে আয়োজক সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল ৷ পিছে শেহতীয়াকৈ ক'ভিড পৰিস্থিতি বহু পৰিমাণে উন্নত হৈছে যদিও চৰকাৰী বাধা নিষেধ বৰ্তমানেও আৰোপ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহোৎসৱটি আয়োজন কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে আয়োজক কাৰ্বি কালচাৰেল ছ'চাইটি (Karbi Cultural Society) ৷
শুকুৰবাৰে তাৰালাংচৰ কাৰ্বি পিপুলছ হলত এক সংবাদ মেল সম্বোধন কৰি এই কথা উল্লেখ কৰে কেছিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই (KCS president Chandrasing Kro) ৷ বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে প্ৰতি বছৰে মহোৎসৱ আয়োজন কৰা নিৰ্দিষ্ট সময়ত এইবাৰ মহোৎসৱটি অনুষ্ঠিত কৰিব পৰা নাযাব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে, চৰকাৰী বাধা-নিষেধ অব্যাহত থকা বাবেই এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে সমিতিখনে (Karbi Youth Festival postponed due to the rising cases of Covid) ৷
লগতে ক’ভিড পৰিস্থিতি উন্নত হ’লে মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 5 মাৰ্চলৈকে মহোৎসৱটি আয়োজন কৰা হ’ব বুলি জানিব দিয়ে সভাপতিগৰাকীয়ে ৷ এই সংবাদমেলত স্থানীয় বিধায়ক তথা মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিদ্যাছিং ইংলেঙৰ উপৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : APSC cash for job scam: কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ