ETV Bharat / state

কৰ'ণা ভাইৰাছঃ ডিফু জেলৰ পৰা 28 কাৰাবন্দীক মুক্তি - 28 prisoner release from diphu jail

কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু জেলৰ কয়দীসকলক অধিক ভিৰৰ পৰা ৰক্ষা কৰিবলৈ ডিফু কাৰাগাৰৰ 28 গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হয় ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ডিফু কাৰাগাৰৰ ডিফু তথা বোকাজান মহকুমাৰ 28 জন কাৰাবন্দীয়ে মুক্তি লাভ কৰিবলৈ সক্ষম হয় ৷

কৰ'ণা ভাইৰাছঃ ডিফু জেলৰ পৰা 28 কাৰাবন্দীক মুক্তি

author img

By

Published : Mar 30, 2020, 10:11 PM IST

Updated : Mar 30, 2020, 10:35 PM IST

ডিফু, 30 মাৰ্চ : কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ আৰু জেলৰ কয়দীসকলক অধিক ভিৰৰ পৰা ৰক্ষা কৰিবলৈ ডিফু কাৰাগাৰৰ পৰা বহুকেইগৰাকী বন্দীক মুকলি কৰি দিয়া হয় ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কাৰাগাৰসমূহত ভিৰ হ্ৰাস কৰিবলৈ কাৰাগাৰসমূহৰ বিচৰাধীন কাৰাবন্দীসকলৰ লঘু অপৰাধৰ বাবে 7 বছৰ বা তাৰ তলৰ কাৰাবন্দীসকলক মুক্তিৰ নিৰ্দেশৰ আঁত ধৰি এইদৰে ডিফু কাৰাগাৰৰ ডিফু তথা বোকাজান মহকুমাৰ 28 গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হয় ৷

এইলৈ মাননীয় উচ্চতম ন্যায়ালয়ে এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিল ৷ সেই মৰ্মে অসমতো উচ্চ ন্যায়ালয়ে কাৰাগাৰসমূহৰ ভিতৰত কয়দীৰ ভিৰ হ্ৰাস কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ৷ বিগত 26 মাৰ্চত অসম ৰাজ্যিক লীগেল চাৰ্ভিছ অথ'ৰিটি চমুকৈ এএছএএলএছএৰ অধ্যক্ষ তথা বিচাৰপতি এনকে সিঙে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ডিএলএছৰ সৈতে সম্বোধন কৰে ৷ উক্ত ভিডিঅ' কনফাৰেন্সত ডিএলএছএৰ অধ্যক্ষ তথা ডিফু ন্যায়িক আদালতৰ সত্ৰ ন্যায়াধীশ হেকিম আহমেদ, মুখ্য ন্যায়িক দণ্ডাধীশ মমতা ভাদানী, ডিএলএছএৰ সচিব নাগিব আহমেদ উপস্থিত থাকে ৷

সেই অনুসৰি, ডিফু জেলত লঘু অপৰাধৰ বাবে বিচৰাধীন 28 কাৰাবন্দীক মুকলি কৰি দিয়া হয় বুলি ডিএলএছএ প্ৰকাশ কৰিছে ৷ মুক্তিপ্ৰাপ্ত কাৰাবন্দীসকলক জিলা প্ৰশাসনে নিৰাপদে তেওঁলোকৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ৷ ইতিমধ্যে কাৰাবন্দীসকলে নিৰাপদে নিজ নিজ ঘৰত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷ কৰ'ণা ভাইৰাছৰ বাবে জিলা কাৰাগাৰত সকলো ধৰণৰ নিৰাপদ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ডিএলএছএৰ তৰফৰ পৰা কৰ'ণাৰ সজাগতা আৰু সতৰ্কতাৰ বাবে জেল চৌহদত এটা অডিঅ ক্লিপো বজোৱা হয় ৷ ইয়াৰোপৰি জেল চৌহদত ছেনিটাইজেছন কৰা হয় বুলি জানিব পৰা গৈছে ৷

Last Updated : Mar 30, 2020, 10:35 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.