ETV Bharat / state

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ফিৰোজৰ ওঁঠত - তুলিৰাম ৰংহাঙ

ডিফুৰ এটি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম সদস্য গৰাকী হৈ পৰিছে শাৰিৰীকভাৱে অক্ষম ৷ দুয়োটা কিডনী বিকল হোৱা লোকজনৰ বাবে সহায় প্ৰাৰ্থনাৰে কাতৰ অনুৰোধ পৰিয়ালৰ ৷

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ফিৰোজৰ ওঁঠত
একমাত্ৰ উপাৰ্জনক্ষম সদস্যৰ শাৰিৰীক স্থিতিত বিধ্বস্ত এটা পৰিয়াল
author img

By

Published : May 11, 2021, 3:43 PM IST

Updated : May 11, 2021, 10:05 PM IST

ডিফু,১১ মে': ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন শাৰিৰীকভাবে অক্ষম হৈ পৰিলে পৰিয়ালটোৰ অৱস্থা কেনেধৰণৰ হ’ব পাৰে সেই কথা সৰ্বজনবিদিত ৷ এনে এক কৰুণ ঘটনাই সংঘটিত হৈছে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ ৰংনিহান বস্তিত ৷ দিন-হাজিৰাৰ লগতে এখন লঘু বাহনৰ চালক হিচাপে পৰিয়ালক পোহপাল দি আহিছিল ডিফুৰ ফিৰোজ আহমেদে ৷

ফিৰোজ আহমেদৰ কান্ধত আছিল বৃদ্ধ পিতৃ-মাতৃ, দুটি ফুল কুমলীয়া শিশুৰ দায়িত্ব ৷ ইয়াৰ মাজতেই ২০১৯ চনৰ কোনোবা এটা দিনত ফিৰোজে তেওঁৰ প্ৰস্ৰাৱনলীত প্ৰচণ্ড বিষ অনুভৱ কৰি চিকিৎসকৰ ওচৰ চাপিল ৷ যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ পিছতেই ফিৰোজৰ লগতে পৰিয়ালটোৰ বাবে নামি আহিল ঘোৰ অমানিশা ৷ চিকিৎসকৰ প্ৰতিবেদনত উল্লেখ আছিল ফিৰোজ আহমেদৰ দুয়োটা কিডনী বিকল হোৱাৰ খবৰ ৷ ফিৰোজৰ পৰিয়াল এক প্ৰকাৰ অপ্ৰস্তুত আছিল যদিও জীৱনৰ মোহত আৰম্ভ কৰিছিল যাৱতীয় চিকিৎসা ৷ ফিৰোজক লৈ যোৱা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ নানান পৰীক্ষা-নিৰীক্ষাৰ লগতে দীৰ্ঘদিনলৈ চলিলৈ ফিৰোজৰ ডায়েলাইচিচ প্ৰক্ৰিয়া ৷ পিছে সুফল হৈ ৰ’ল শূন্য ৷

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ফিৰোজৰ ওঁঠত

অ'ত-ত'ত জমা ৰখা ধন আৰু গৰু-ছাগলী, হাঁহ -কুকুৰা আদি বিক্ৰী কৰি পোৱা প্ৰায় দুই-আঢ়ৈ লাখ টকা ব্যয় কৰিও একো সুফল নাপালে ফিৰোজে ৷ চিকিৎসকে তেওঁক কিডনী সলোৱাৰ পৰামৰ্শ দিয়ে ৷ বৰ্তমানে চাৰিওফালে এটা কিডনী বিচাৰি হাবাথুৰি খাইছে পৰিয়ালটোৱে ৷ উপায় নাপাই পুত্ৰস্নেহত আৱদ্ধ মাতৃয়ে এটা কিডনী পুত্ৰক দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷ কিন্তু কিডনী সংৰোপনৰ বাবেও এতিয়া প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ ধন ৷

ইফালে ফিৰোজৰ পৰিয়ালৰ হাতত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷ উপায়হীন হৈ ফিৰোজৰ পৰিয়ালে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সদাশয় ৰাইজৰ ওচৰত সহায় প্ৰাৰ্থনা কৰি কাতৰ অনুৰোধ জনাইছে ৷ কোনো সদাশয় লোকে ফিৰোজক আৰ্থিক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে নিম্ন লিখিত একাউণ্টত ধন প্ৰেৰণ কৰিব পাৰিব বুলি জনাইছে পৰিয়ালৰ লোকে ৷ বেংক একাউণ্ট- Punjab National Bank, a/c holder- Mohammad Firuz Ahmed, IFSC- PUNB0074720, A/C NO:- 0747010213370 আৰু contact no:- 70026194485 .

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

Last Updated : May 11, 2021, 10:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.