ETV Bharat / state

বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ

author img

By

Published : Jul 11, 2021, 10:59 PM IST

আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ বিৰুদ্ধে বোকাজানত আৰক্ষীৰ অভিযান ৷ চাৰিদিনত তিনিখন বিলাসী বাহন জব্দ কৰাৰ লগতে আৰক্ষীৰ (POLICE) জালত পৰিছে দুই দুৰ্ধষ গাড়ীচোৰ ৷

CAR LIFTER ARREST
বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ

ডিফু,11জুলাই : আন্তঃ ৰাজ্যিক গাড়ীচোৰ চক্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ ঘাটি হিচাপে পৰিগণিত হৈ আহিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ (NAGALAND) ডিমাপুৰ ৷ ইয়াৰ গাতে লাগি থকা বোকাজানত বিগত কেইটামান দিনত আৰক্ষীয়ে গাড়ীচোৰ চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাই আহিছে ৷ তাৰমাজেত দেওবাৰে বহিঃৰাজ্যৰ পৰা চুৰি কৰি অনা তিনিখনকৈ বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গাড়ীচোৰ চক্ৰৰ দুটাকৈ দুৰ্ধষ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, দেশৰ ৰাজধানী চহৰ দিল্লীৰ (DELHI) পৰা চুৰ কৰি অনা বাহনকেইখন ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি অসমৰ মাজেৰে পাৰ কৰি নিয়াৰ চেষ্টা চলোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰু খটখটী থানাৰ আৰক্ষীয়ে তৎপৰতাৰে বাহনকেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰে ডিএল-২-চি এএক্স-৯০৭০ নম্বৰৰ টয়টা ফৰচুনাৰ বাহনখন গাড়ীচোৰ চক্ৰই এ-এছ-০১-ডিইউ-০০৯৩ নম্বৰৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল চক্ৰটোৱে ৷ সেই সময়তে খটখটীত আৰক্ষীয়ে (KHATKHAT POLICE SATATION) বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।

দিল্লীৰ পৰা মণিপুৰলৈ নি থকা অৱস্থাতে আৰক্ষীয়ে বিলাসী বাহনখন জব্দ কৰে । ইয়াৰ পূৰ্বে দিল্লীৰ পৰা চুৰি কৰি অনা দুখন বিলাসী বাহন বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰে ডিএল-৮চি-বিবি-৯৩৮৯ নম্বৰৰ মাৰুতী বেলেন’ বাহনখন এ-এছ-০১-ডিএইচ-৭৯৭৭ নম্বৰৰ ভুৱা পঞ্জীয়ন তথা ডিএল-৬চি-এছ-৫৫৯৯ নম্বৰৰ মাৰুতী ব্ৰেজা বাহনখন এএছ-১১-কিউ-৮৬২০ নম্বৰৰ ভুৱা পঞ্জীয়ন ব্যৱহাৰ কৰি সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে বৰপথাৰ আৰক্ষীয়ে (BORPOTHAR POLICE) জব্দ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত আৰক্ষীয়ে আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ দুৰ্ধষ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত গাড়ীচোৰ দুটা ক্ৰমে মণিপুৰৰ থাউবেল জিলাৰ খংজম থানাৰ অন্তৰ্গত টেকচাম মামাং লেইকেই নিবাসী সূৰয সিং আৰু মণিপুৰ ইম্ফলৰ এৰিংবাং নিবাসী মঃ আমু খান বুলি চিনাক্ত কৰা হৈছে । উদ্ধাৰ হোৱা তিনিওখন বাহন সন্দৰ্ভত দিল্লীত ইতিমধ্যে গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.