ডিফু, 12 আগষ্টঃ ৰাজ্যৰ বিভিন্ন কাৰাগাৰত কাৰাবন্দীৰ মাজত কৰ’ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিফু কাৰাগাৰত শেহতীয়াকৈ কৰ’ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, ডিফু কাৰাগাৰৰ 159 গৰাকীকৈ কাৰাবন্দী কৰ’ণা মহামাৰীৰ গ্ৰাসত পৰাটো নিশ্চিত হৈছে । মঙলবাৰৰ পৰা দুদিন ধৰি চলা কৰ’ণাৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে ।
উল্লেখ্য যে, ডিফু কাৰাগাৰত থকা কাৰাবন্দীৰ সংখ্যা তিনি শতাধিক ৷ ইয়াৰে যোৱা মাহত তিনিগৰাকী কাৰাবন্দী কৰ’ণাত আক্ৰান্ত হৈছিল । ইয়াৰ পিছতে কম সময়ৰ ভিতৰতে কাৰাগাৰৰ ভিতৰত কৰ’ণাৰ সংক্ৰমণে এক জটিল ৰূপ ধাৰণ কৰে । এতিয়া বৃহৎ সংখ্যক কাৰাবন্দী কৰ’ণাত আক্ৰান্ত হোৱোৰ ঘটনাই কাৰাগাৰ প্ৰশাসনতো একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
আনহাতে, বোকাজান মহকুমাৰ শুকানজানত যোৱা 9 আগষ্টত এজন লোকৰ দেহত কৰ’ণাৰ উপস্থিতি নিশ্চিত কৰা হৈছিল । আক্ৰান্ত ব্যক্তিজন ভাড়াতীয়া হিচাপে বসবাস কৰা চৌহদটোত বুধবাৰে চলোৱা পৰীক্ষাত পুনৰ উক্ত চৌহদৰ এঘাৰ জন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
লগতে চাওক- মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যা