ডিফু, ২৬ মে’: কৰ’ণাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সংকট অব্যাহত থকাৰ সময়তে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৰাইজৰ সেৱাৰ বাবে ১২ খনকৈ আই চি ইউ বিচনা মুকলি কৰি দিয়া হয়। বুধবাৰে পুৱাৰ ভাগত চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈ বিচনা কেইখনৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
![12 ICU beds added to Diphu Medical College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu2605202112icubedinouguratedbykaaccematdmch_26052021142917_2605f_1622019557_1044.jpg)
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ক'ভিড-১৯ত আক্ৰান্ত হৈ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা ৰোগীসকলে এতিয়াৰে পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ত অধিক উন্নত পৰ্যায়ৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্ৰকল্প সক্ৰিয় হৈ থকাৰ লগতে অলপতে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এক আলোচনাত মুখ্যমন্ত্ৰী গৰাকীয়ে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ বাবে এটা দল চিকিৎসালয়খনলৈ আহিব বুলিও উল্লেখ কৰে ।
![12 ICU beds added to Diphu Medical College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu2605202112icubedinouguratedbykaaccematdmch_26052021142917_2605f_1622019557_32.jpg)
আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাতো কম দিনৰ ভিতৰতে এটা অক্সিজেন উৎপাদনকাৰী প্ৰকল্প কৰা গঠন কৰাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে তুলিৰাম ৰংহাঙে । বুধবাৰৰ এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সুমিত্ৰা হাগজেৰ উপস্থিত থাকে ।
লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ