ETV Bharat / state

Wood smuggling at Rangia: ৰঙিয়াত কাঠৰ চোৰাং সৰবৰাহত জড়িত সেনা জোৱান - On Army Staff Duty

এইবাৰ ভাৰতীয় সেনা জোৱানৰ পোচাক পিন্ধি চলালে কাঠৰ চোৰাং সৰবৰাহ ৷ শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ কৰে (Wood smuggling at Rangia) ৷

Wood smuggling at Rangia
ৰঙিয়াত পাঁচ লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ
author img

By

Published : Oct 21, 2022, 7:30 PM IST

ৰঙিয়া, ২১ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বন বিভাগে । পিছে প্ৰত্যেক দিনাই আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি দুষ্টচক্ৰই চলাই গৈছে কাঠৰ চোৰাং সৰবৰাহ । এইবাৰ ভাৰতীয় সেনা জোৱানৰ পোচাক পিন্ধি চলালে কাঠৰ চোৰাং সৰবৰাহ ৷

এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত ৷ ৰঙিয়া আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ কৰে (Wood smuggling at Rangia) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ৰঙিয়াৰ চেপ্তিত 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন সেনাৰ বাহনত আৰক্ষীয়ে অভিযান চলাই প্ৰায় পাঁচ লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ কৰে ।

ৰঙিয়াত পাঁচ লক্ষাধিক টকা মূল্যৰ চেগুন জব্দ

নাগালেণ্ডৰ পৰা বিহাৰলৈ NL 07 AA 1966 আৰু NL 07 AA 0854 নম্বৰৰ বাহন দুখনত On Army Staff Duty ষ্টিকাৰ ব্যৱহাৰ কৰি সৰবাৰহকাৰীজনে নিজে সেনা বাহিনীৰ পোছাক পৰিধান কৰি চোৰাং ভাৱে সৰবৰাহ কৰি লৈ যোৱা অৱস্থাতে আৰক্ষীৰ জালত পৰে ৷

আৰক্ষীৰ জালত পৰা ধৃত লোককেইজন অসম ৰাইফলৰ লেঞ্চ নায়ক তথা বিহাৰৰ নালাণ্ডা জিলাৰ মনমোহন কুমাৰ, দুখন বাহনৰ চালক-হেণ্ডিমেন ক্ৰমে, কৰিমগঞ্জৰ বচিদ আলী, হোজাইৰ মুস্তোফা আলী, ডবকাৰ জিয়াবুল ইছলাম আৰু হোজাইৰ ফায়েজুৰ ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে, ৰঙিয়া আৰক্ষীয়ে জব্দকৃত পাঁচ লক্ষাধিক টকা মূল্যৰ চেগুন ভৰ্তি দুয়োখন বাহনসহ অসম ৰাইফলৰ লেঞ্চ নায়ককে ধৰি পাঁচজনকে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীক চমজাই দিয়ে ।

উল্লেখযোগ্য যে, বিগত জুন মাহত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কঠীয়াতলি আঞ্চলিক বন কাৰ্যালয়ৰ সহযোগত, বন সুৰক্ষা বাহিনী আৰু নগাঁও জিলা বন সংমণ্ডলে মাজনিশা পুৰণিগুদামৰ চলচলিত এক যৌথ অভিযান চলাই চেগুনকে ধৰি বহুসংখ্যক মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰিছিল (Illegal timber seized by Kathiatoli forest department) ৷

লগতে পঢ়ক: Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.