ETV Bharat / state

পথ নিৰ্মাণত অনিয়মৰ অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত - বানেশ্বৰ দেৱালয়

গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত দলিবাৰীত পথ নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ তায়াতৰ অনুপযোগী হৈ পৰা পথটিৰ পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী তথা জনপ্ৰতিনিধি সকলক বহুবাৰ অনুৰোধ কৰিছে যদিও আজিলৈ কোনো ফল নাপালে তেওঁলোকে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি
author img

By

Published : Mar 7, 2020, 8:16 AM IST

দলিবাৰী,7 মাৰ্চঃ পথ নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন কৰিছে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত দলিবাৰীত ৷ দলিবাৰীৰ পৰা ঐতিহাসিক অগ্নি বানেশ্বৰ দেৱালয়লৈ যোৱা পথটো নিম্ন মানৰ কাম কৰাৰ বাবে বিধ্বস্ত হৈ পৰাত এতিয়া দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ৷ পথটো নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল অনিল দাস নামৰ ঠিকাদাৰজনক ৷ যাতায়াতৰ অনুপযোগী হৈ পৰা পথটিৰ পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী তথা জনপ্ৰতিনিধি সকলক বহুবাৰ অনুৰোধ কৰিছে যদিও কোনো ফল নোপোৱাত পথটি নিজ হাতেৰে মেৰামতি কৰিবলৈ ওলাই আহে স্থানীয় মহিলাসকল ৷ লগতে ঠিকাদাৰ অনিল দাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, ২০১৬-১৭ বিত্তীয় বৰ্ষতে PBMC আঁচনিৰ জৰিয়তে পথটিৰ মেৰামতিৰ নামত আৱন্টিত হৈছিল মুঠ ৭৬ লাখ ২৫ হাজাৰৰো অধিক টকা ৷ যিটো কাম সম্পূৰ্ণ হৈছিল মাথো ছমাহ পূৰ্বে ৷

পথ নিৰ্মাণত অনিয়মৰ অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত

লগতে পঢ়কঃ ডুমডুমাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত স্তব্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.