ETV Bharat / state

চিকিৎসালয়লৈ আহি 9 মাহে সন্ধানহীন ৰঙিয়াৰ পাপৰি দাস

9 মাহে সন্ধানহীন চিকিৎসালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহা ৰঙিয়াৰ পাপৰি দাস ৷ বিগত 9 মাহে পত্নীৰ কোনো সন্ধান লাভ নকৰি চিন্তিত হৈ পৰিছে স্বামী ৷ দুষ্ট চক্ৰই মহিলাগৰাকীক নি ক'ৰবাত বিক্ৰী কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ স্বামীয়ে ৷

woman from rangia missing for past nine months
চিকিৎসালয়লৈ আহি 9 মাহে সন্ধানহীন ৰঙিয়াৰ পাপৰি দাস
author img

By

Published : Aug 25, 2021, 8:07 PM IST

ৰঙিয়া , 25 আগষ্ট : বিগত 9 মাহে সন্ধানহীন হৈ আছে চিকিৎসালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহা ৰঙিয়াৰ এগৰাকী মহিলা ৷ 9 মাহ পূৰ্বে বাইহাটা চাৰিআলিৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহি ৰঙিয়াৰ বৰশিলৰ পাপৰি দাস(27) নামৰ মহিলাগৰাকী আজিও সন্ধানহীন হৈ আছে ৷ পত্নীৰ কোনো সন্ধান লাভ নকৰি এতিয়া নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে ব্যৱসায়ী তথা পথচাৰীক পত্নীৰ ফটো দেখুৱাই বিচাৰিবলৈ চেষ্টা কৰিছে ৷

9 মাহে সন্ধানহীন চিকিৎসালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহা ৰঙিয়াৰ পাপৰি দাস

নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ মহিলাগৰাকীৰ আত্মীয় স্বজন তথা পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈ এতিয়া চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ স্বামী ৷ কোনো দুষ্ট চক্ৰই মহিলাগৰাকীক নি ক'ৰবাত বিক্ৰী কৰা বুলিও মহিলাগৰাকীৰ স্বামীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

চিকিৎসালয়লৈ বুলি অহা মহিলাগৰাকী কি পৰিস্থিতিত আৰু কেনেকৈ নিখোজ হ'ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ বহু চেষ্টা কৰিও পত্নীৰ কোনো সন্ধান লাভ নকৰি চিন্তিত হৈ পৰা স্বামীয়ে আৰক্ষীক শীঘ্ৰেই পাপৰিৰ সন্ধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : হোজাইত কেৰালা নাৰী ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ ৯ যুৱতী : আটক-2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.