ETV Bharat / state

অসহনীয় হৈ পৰিল ঘৰুৱা হিংসা, ফেচবুক লাইভ দি আত্মহত্যাৰ চেষ্টা বোৱাৰীৰ !

উত্তৰ গুৱাহাটীৰ আজিজুল হক নামৰ যুৱকজনৰ স'তে বিয়াত বহে হাজোৰ দমদমাৰ হিন্দু সম্প্ৰদায়ৰ যুৱতীগৰাকী। কিন্তু হিন্দু যুৱতীক ঘৰলৈ অনাৰ বাবে অথন্তৰ ঘটিল আজিজুলৰ জীৱনত ৷ অন্য সম্প্ৰদায়ৰ হোৱাৰ বাবে আজিজুলৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হয় আজিজুলৰ পত্নী ৷ উপায়হীন হৈ চৰম সিদ্ধান্ত লয় আজিজুলৰ পত্নীয়ে ।

author img

By

Published : Jan 30, 2020, 4:08 PM IST

এগৰাকী মহিলাৰ আত্মহত্য়াৰ চেষ্টা
এগৰাকী মহিলাৰ আত্মহত্য়াৰ চেষ্টা

উত্তৰ গুৱাহাটী, 30 জানুৱাৰীঃ ৰাজ্যত পুনৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা ৷ নিৰ্যাতন ইমানেই ভয়াৱহ যে, আত্মহননৰ স্বৰম মুহূৰ্তত ফে'চবুক লাইভ কৰি নিজৰ ওপৰত হোৱা অত্যাচাৰৰ বৰ্ণনা কৰে খোদ মহিলাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাষ্য অনুসৰি, প্ৰেমক সাৰ্থক ৰূপ দিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ আজিজুল হক নামৰ যুৱকজনৰ স'তে বিয়াত বহে হাজোৰ দমদমাৰ হিন্দু সম্প্ৰদায়ৰ যুৱতীগৰাকী। কিন্তু হিন্দু যুৱতীক ঘৰলৈ অনাৰ বাবে অথন্তৰ ঘটিল আজিজুলৰ জীৱনত ৷ অন্য সম্প্ৰদায়ৰ হোৱাৰ বাবে আজিজুলৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হয় আজিজুলৰ পত্নী ৷ আজিজুলৰ পৰিয়ালৰ দাবী, পত্নীক খেদি নিজ ধৰ্মৰ ছোৱালী বিয়া কৰাব লাগে আজিজুলে। কিন্তু মৰি গ’লেও পত্নীক এৰিব নোৱাৰে বুলি মন্তব্য কৰে আজিজুলে।

আজিজুলৰ মাতৃ, ভগ্নী আৰু ভনীজোৱাঁয়েকে মিলি মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে আজিজুলৰ পত্নীয়ে। ইয়াৰোপৰি পত্নীক খেদি নপঠিওৱাৰ বাবে আজিজুলৰ ওপৰতো মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ওপৰত । ইমানতে ক্ষান্ত নাথাকি, বৰ ৰংমহল গাঁৱৰ একাংশ লোকে আজিজুলক আৰু পৰিয়ালক বলপূৰ্বকভাৱে পৈত্ৰিক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলোৱা অভিযোগ উত্থাপন কৰে আজিজুলে । ইমানেই নহয়, একাংশলোকে মাৰপিট কৰি আজিজুলৰ পৰা মাটিৰ দলিলত চহী লোৱা বুলিও জনায় আজিজুলে।

এগৰাকী মহিলাৰ আত্মহত্য়াৰ চেষ্টা

আনহাতে, দুবছৰ ধৰি সকলো সহ্য কৰি অহা আজিজুল আৰু পত্নীয়ে আৰক্ষীক সকলো অৱগত কৰিছিল যদিও আৰক্ষীয়ে টকাৰ বাবে ওলোটাই আজিজুল আৰু তেওঁৰ পত্নীকহে ধমক দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীয়ে। উপায়হীন হৈ চৰম সিদ্ধান্ত লয় আজিজুলৰ পত্নীয়ে । অসহায় বোৱাৰীগৰাকীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰিও এই কথা সকলোকে জনাই যোৱাৰ উদ্দেশ্যে ফেচবুক লাইভ কৰে। কিন্তু সময় থাকোতেই স্বামী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীক।

ইমানৰ পাছতো আজিজুল, তেওঁৰ পত্নী আৰু সন্তানৰ প্ৰতি কঠোৰ হৈয়ে ৰ'ল বৰ ৰংমহলবাসীৰ লগতে আজিজুলৰ পৰিয়ালটো ৷ চিকিৎসাৰ অন্তত আধা বাটতে এৰি দিয়ে স্বামী-স্ত্ৰীৰ লগতে সন্তানটোক। কিন্তু পৰিয়ালৰ অত্যাচাৰৰ ভয়ত ঘৰলৈ যোৱাৰ সাহস নকৰে দম্পতীটোৱে। কণমানি সন্তানৰ সৈতে হাড় কঁপোৱা শীতত পথৰ ওপৰতে নিশা কটাবলগীয়া হয় স্বামী-স্ত্ৰী। এতিয়া ন্যায়ৰ বাবে বাট চাইছে পৰিয়ালটোৱে ৷

Intro:*SLUG= NORTH GHY FACEBOOK LIVE SCUISIDE ATTEMPT*

SCRIPT= ৰাজ্যত পুনৰ ধৰ্মীয় নিৰ্যাতনৰ বলী বোৱাৰী । ধৰ্মীয় নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আনিলে এগৰাকী হিন্দু বোৱাৰীয়ে । নিৰ্যাতন ইমানেই ভয়াবহ , আত্মহননৰ স্বৰম মুহূৰ্তত উপস্থিত হ'ল ফে'চবুক লাইভৰ জৰিয়তে । ।Body:নিজ গৃহৰ ফেনত চিপলোৱাৰ অন্তিম মুহূৰ্তত নিজ স্বামীয়ে উদ্ধাৰ কৰে মহিলা গৰাকীক । কিন্তু কি কাৰণত ,কিয় ধৰ্মীয় নিৰ্যাতনৰ বলি হ'ল এমহীয়া সন্তানৰ মাতৃ হাজোৰ সুনিতা দাস (বেগম) । উত্তৰ গুৱাহাটী বৰ ৰংমহলৰ আজিজুল হকে, দুবছৰ পুৰ্বে প্ৰেম ভালপোৱাৰ মাজেৰে হাজো দমদমাৰ হিন্দু যুবতী নিকাহ কৰাইছিল ।  কিন্তু, হিন্দু যুবতীক ঘৰলৈ নি অথন্তৰ ঘটিল আজিজুলৰ । আজিজুলৰ মাতৃ নুৰবিবি বানু,ননদ ৰুবা বেগম ননদ জঁৱাই ইনামূল হক আৰু কয়লা মাফিয়া ছাহাৰা বেগমে চলাই গল অকথ্য নিৰ্যাতন । সুনিতাক খেদি নপথিওৱাৰ বাবে আজিজুলৰ ওপৰতো চলিল মানসিক শাৰিৰিক নিৰ্যাতন । আজিজুলৰ অভিযোগ, বৰ ৰংমহল গাঁৱৰ একাংশলোকে বলপূৰ্বক পৈত্ৰিক ভুমিৰ পৰাও বঞ্চিত কৰাৰ  চেষ্টা চলালে । আনকি ধৰ্মান্ধ লোক সকলে মাৰপিট কৰি মাটিৰ দলিলত চহী কৰালে । সুনিতাৰ ওপৰত চলা নিৰ্যাতনৰ বিষয়ে অবগত কৰা হৈছিল গৌৰীপুৰ আৰক্ষীক ।কয়লা মাফিয়াৰ ধনবলত বলিয়ান গৌৰীপুৰ আৰক্ষীয়ে উলোটাই সুনিতা আৰু স্বামীকহে ধমকি দিয়ে । আৰু সকলোৰে ওচৰত অসহায় সুনিতাই বাচি ললে জীবনৰ ভয়াবহ চৰম সিদ্ধান্তৰ পথ । চোতালত আৰক্ষী, কোথাৰ চিলিং ফেনত চিপলৈ ফেচবুক লাইভৰ জৰিয়তে আত্মহনন । আৰু স্বামীয়ে অন্তিম মুহূৰ্তত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে । কিন্তু ,মানবতাহীন আৰক্ষীয়ে চিকিৎসাৰ পাছত বাটত এৰি দিয়ে দুয়োকে । কোলাত কেচুৱা দুচকুত এবুকু দুখ । হাৰকপোৱা শীতত পথৰ ওপৰত কটালে দুই দম্পতিয়ে । প্ৰশাসন যত অসহায়, এওঁলোকনো কোন সতে ঘৰলৈ যায় । এতিয়া আশ্ৰয় বিছাৰি চলাথ কৰিছে দুয়ো । পৰিয়ালৰ দাবী ,পত্নী সুনিতাক খেদি পুণৰ স্বধৰ্মীয় ছোৱালী বিয়া কৰাব লাগে আজিজুলে । Conclusion:কিন্তু, আজিজুলে প্ৰাণ গলেও এৰিব নোৱাৰে পত্নী সুনিতাক ।ধৰ্মনিৰপেক্ষ দেশত উভতগোৰে নচা এই সকল ধুৰন্ধৰৰ ওচৰত কিয় অসাৰ হয় আইন কানুন ।কোনে ন্যায় দিব সুনিতা আজিজুলক । সেয়া সময়তহে লক্ষনীয় হ'ব
Byte-আজিজুল হকে,
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.