গুৱাহাটী , ৪ আগষ্ট : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আৰু দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত কৃষক ৰাইজে শালি ধানৰ খেতি আৰম্ভ কৰাৰ পাচৰে পৰা পুনৰ বনৰীয়া হাতীৰ মুক্ত বিচৰণ আৰম্ভ হৈছে। ফলত কৃষক ৰাইজে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিসমূহ বিনষ্ট হোৱাৰ আশংকাই দেখা দিছে ।
বিগত তিনি-চাৰিদিন ধৰি কৃষক ৰাইজে ৰঙামাটি অঞ্চলৰ পথাৰসমূহত ৰোপণ কৰা কঠীয়াসমূহ সন্ধিয়াৰ পাচত খাদ্যৰ সন্ধানত ওলাই অহা ছয়-সাতটা বনৰীয়া হাতীৰ জাকে গছকি নষ্ট কৰিছে । আনকি শুকুৰবাৰে দিনৰ ভাগতে তিনিটামান হাতীক পথাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰি হাতীৰ আক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে। এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে বনৰীয়া হাতীৰ জাক এটাই ৰঙামাটিৰ দুধকুঁৱৰী পাহাৰত আশ্ৰয় লৈ বৃহত্তৰ ৰঙামাটি অঞ্চলত খাদ্যৰ সন্ধানত মাজে সময়ে মানুহৰ বাৰীত সোমাই কল, কুঁহিয়াৰকে ধৰি আন শস্য খাই তহিলং কৰিছিল ।
আনহাতে যোৱা তিনি-চাৰিদিনমান ধৰি হাতীৰ জাকটোৱে সন্ধিয়াৰ পাচত পথাৰৰ উপৰিও অঞ্চলটোৰ বাট-পথত বিচৰণ কৰি থকাত ৰাইজ শংকিত হৈ পৰিছে। আনকি বুধবাৰ আৰু বৃহস্পতিবাৰে সন্ধিয়া আন্ধাৰ নামি অহাৰ পাচতে বামুণ মহিলাপাৰা নিলোপৰা, ৰামপাৰা, মালিপাৰা, বাকাৰাপাৰা, কলিতাপাৰাকে ধৰি বৃহত্তৰ ৰঙামাটি অঞ্চলৰ কেবাটাও চুবুৰীত কেইবাঘৰ মানুহৰ ঘৰৰ চৌহদত বেৰ আৰু দেৱাল ভাঙি প্ৰৱেশ কৰি বাৰীত থকা কলগছ, কুঁহিয়াৰকে ধৰি বিভিন্ন শস্যৰ অনিষ্ট সাধন কৰিছে ।
এই সন্দৰ্ভত পূৰ্বতে ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক অৱগত কৰিছিল যদিও পৰ্যাপ্ত বনকর্মী নথকাৰ অজুহাতত হাতী খেদা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকুঁৱৰী পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত "হাতীৰ পৰা সাৱধান" বুলি দুখন ছাইনবৰ্ড লগাই দিয়েই দায়িত্ব সামৰিছে বন বিভাগে ।
ৰাইজে বন বিভাগক কোনো ধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্রৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে । কিয়নো কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটি অঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা যদি খেদি পঠিয়াবলৈ বন বিভাগে স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত অঞ্চলটোত হাতী-মানুহৰ সংঘাত হোৱাটো নিশ্চিত বুলি পৰিৱেশবিদসকলে মত ব্যক্ত কৰিছে ।
লগতে পঢ়ক: Flood at Jonai: শাম কটা নাই বানৰ তাণ্ডৱ, বন্যাৰ্তৰ বিননি