ৰঙিয়া, 9 নৱেম্বৰ : সামাজিক মাধ্যমে থানবান কৰিলে এখন সংসাৰ ৷ ঘৰত থকা টকা, পইচা সকলো লৈ উধাও হ’ল পত্নী । দ্বিতীয় স্বামীৰ সৈতে দুই সন্তানক এৰি পত্নীয়ে পলায়ন কৰিলে অন্য প্ৰেমিকৰ সৈতে ! ৰঙিয়াত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া নগৰৰ ষ্টেচনত ভাৰাতীয়া হিচাপে বসবাস কৰিছিল নেপালৰ নিবাসী প্ৰকাশ সোণাৰে ৷ প্ৰকাশে এগৰাকী বিধৱা মহিলাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল । তাৰ পিচতে 6 মহীয়া কন্যা সন্তানসহ পত্নীক লৈ ৰঙিয়ালৈ আহিছিল প্ৰকাশ ৷ ৰঙিয়া ষ্টেচনৰ এখন এখন হোটেলত কৰ্মচাৰী হিচাপে যোগদান কৰে প্ৰকাশে । বিয়াৰ কেইবছৰমান পিচত তেওঁলোকৰএটা পুত্ৰ সন্তান জন্ম হয় । ইমানলৈ সকলো ঠিকেই আছিল ।
কিন্তু যোৱা কেইমাহমানৰ পৰা পত্নীয়ে স্বামীক এটা দামী মোবাইল বিচাৰি প্ৰতিদিনে হাহাকাৰ লগায় । অৱশেষত স্বামীয়ে EMI ত ১৭ হাজাৰ টকাত এটা মোবাইল ক্ৰয় কৰি আনি পত্নীক উপহাৰ দিয়ে । মোবাইলটো পাই পত্নীৰ সুখৰ সীমা নাই । এইবাৰ পত্নীয়ে Instagram ত Reels , Facebook ত shorts ভিডিঅ’ বনোৱাত ব্যস্ত হৈ পৰিল । লাহে লাহে নিজৰ Instagram, Facebook ত কমেন্ট কৰা বিশেষ বন্ধুৰ সৈতে দিনে-নিশাই ব্যস্ত হ’ল পত্নী।
অৱশেষত যোৱা 9 অক্টোবৰত মাজনিশা শোৱাপাটীৰ পৰা উঠি ঘৰত থকা টকা, পইচা, মোবাইল লৈ অন্য লোকৰ সৈতে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে স্বামী প্ৰকাশ সোণাৰে । ইফালে কণ কণ দুই সন্তানৰ চোৱা চিতা কৰা, হোটেলত কাম কৰা, পত্নীক বিচৰা নামত চিন্তাত ভাগি পৰিছে স্বামী । হোটেলৰ স্বত্বাধীকাৰীয়েও দুই সন্তানক লগত লৈ কাম কৰিবলৈ গ’লে প্ৰকাশক হোটেলৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিছে । সেয়ে এতিয়া কামেই কৰিব নে দুই সন্তানক চোৱা-চিতা কৰিব তাক লৈ সমস্যাত পৰিছে প্ৰকাশ ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে ৷
লগতে পঢ়ক: Mysterious death case: ৰহস্যজনকভাৱে ৰিপুঞ্জয় গোস্বামীৰ ঘৰত উদ্ধাৰ প্ৰণীতাৰ মৃতদেহ