ৰঙিয়া,16 মাৰ্চঃ ৰাজ্যৰ প্ৰতিটো সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । প্ৰতি গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন কৌশল ৰচনা কৰিছে ভোটাৰক আকৰ্ষিত কৰিবলৈ । তাৰ মাজতে এক ব্যতিক্ৰমী বিষয় লৈ প্ৰচাৰ চলাইছে ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেছনেলৰ প্ৰাৰ্থী পবিত্র বড়োৱে । ভিপিআইৰ প্ৰাৰ্থী বড়োৰ দাবী হৈছে ভোটদান কৰাৰ বাবে প্ৰত্যেক ভোটাৰক মাহিলি ৮ হাজাৰ টকাকৈ ভোটাৰশ্বিপ দিব লাগে । যদি ভোটাৰৰ ভোটেৰে মন্ত্ৰী-বিধায়ক হৈ সকলো সা-সুবিধা লব পাৰে, তেন্তে ভোটাৰে ভোটদান কৰাৰ বাবে কিয় ভোটাৰশ্বিপ নাপাব বুলি বড়োৱে প্ৰশ্ন কৰে প্ৰাৰ্থী গৰাকীয়ে ।
উল্লেখযোগ্য যে, বিশাল জনসভাৰ পৰিবৰ্তে এই প্ৰাৰ্থী গৰাকীয়ে পত্নী আৰু এগৰাকী কৰ্মীৰ সৈতে গৈ ঘৰে ঘৰে প্ৰচাৰ চলাইছে । দেশৰ মুঠ জনমূৰি আয় ১৬,০০০ টকাৰ ৫০ শতাংশ অৰ্থাৎ ৮,০০০ টকাকৈ প্ৰত্যেক নাগৰিকক ভোটাৰশ্বিপ হিচাপে ভাট্টা দিয়াৰ ইছ্যু লৈ প্ৰাৰ্থী গৰাকীয়ে এনেদৰে প্ৰচাৰ চলোৱা দেখা গৈছে ।
লগতে পঢ়কঃ আট্ছাৰ বিজেপি বিৰোধী সজাগতা সভা