ETV Bharat / state

অধিক নিম্নগামী হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ তাপমাত্ৰা

author img

By

Published : Jan 16, 2021, 6:55 PM IST

উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । তাপমাত্ৰা অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ তাপমাত্ৰা অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা

দক্ষিণ কামৰূপ,১৬ জানুৱাৰী: প্ৰচণ্ড শীতে কঁপাইছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । বিগত দুদিন ধৰি ডাঠ কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰখা পৰিলক্ষিত হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এইকেইদিনত এচমকা ৰ'দো দেখা পোৱা নাই । গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগজাননী অনুসৰি, দেওবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অসম আৰু অৰুণাচল প্ৰদেশত ঠাই বিশেষে পাতলীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে ।

অৱশ্যে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ ফৰকাল হৈ থাকিব । আনকি অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দেওবাৰৰ পৰা কম পৰিমাণে তুষাৰপাত হোৱাৰো সম্ভাৱনা প্ৰকট কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আনহাতে, অনাগত দুটা দিনত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত কুঁৱলীৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ।

শনিবাৰৰ দিনটোত গুৱাহাটীত তাপমাত্ৰা আছিল ১৯ ডিগ্ৰী চেলচিয়াছ । বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক:গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.