ETV Bharat / sports

চেন্নাই টেষ্টত ভাৰতৰ বেটিং বিপৰ্যয়ৰ মূল কাৰণ কোন এইগৰাকী হাছান মাহমুদ - INDIA VS BANGLADESH 1ST TEST

author img

By ETV Bharat Sports Team

Published : 8 hours ago

Hasan Mahmud: বাংলাদেশৰ বিৰুদ্ধে প্রথমখন টেষ্টৰ প্রথম দিনটোত বেটিং বিপৰ্যয়ৰ সন্মুখীন ভাৰতৰ টপ অর্ডাৰৰ বেটছমেনসকল ৷ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে তাৰকা বেটছমেনসকল দিশহাৰা হৈ পৰে 24 বছৰীয়া বাংলাদেশী বলাৰ হাছান মাহমুদৰ সন্মুখত ৷ পিছে কোনগৰাকী হাছান মাহমুদ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

INDIA VS BANGLADESH 1ST TEST
হাছান মাহমুদ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: চেন্নাইৰ চেপক ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত 24 বছৰীয়া যুৱ দ্ৰুত বলাৰ হাছান মাহমুদৰ বলিং বিক্ৰমৰ সন্মুখত ছেদেলি-ভেদেলি হৈ পৰে টীম ইণ্ডিয়াৰ বেটছমেনসকল । মাহমুদে মাৰাত্মক বলিঙৰ জৰিয়তে চূৰ্ণ-বিচূৰ্ণ কৰে ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনৰ স্থিতি ৷

টীম ইণ্ডিয়াক স্তম্ভিত কৰি তুলিলে হাছান মাহমুদে

দ্ৰুত বলাৰ হাছান মাহমুদৰ বলিং বিক্ৰমত ছেদেলি-ভেদেলি হৈ পৰে টীম ইণ্ডিয়াৰ বহুকেইগৰাকী বেটছমেন ৷ বহু প্ৰত্যাশাৰে খেলপথাৰলৈ অহা শীৰ্ষ 3 গৰাকী ভাৰতীয় তাৰকা বেটছমেন ক্ৰমে অধিনায়ক ৰোহিত শৰ্মা(6), শুভমন গিল(0) আৰু বিৰাট কোহলী(6) তে পেভিলিয়নলৈ উভতি আহে ।

বাংলাদেশৰ হৈ দ্ৰুত বলাৰ মাহমুদে তিনিওটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷ সেই সময়ত ভাৰতৰ স্ক’ৰ আছিল 34-3 ।

ইয়াৰ পিছত বেটিং কৰিবলৈ ক্ৰিজত নামে ঋষভ পন্ত আৰু যশস্বী জয়ছোৱালৰ দৰে মিডল অৰ্ডাৰ বেটছমেন ৷ দুয়োগৰাকীয়ে 62 ৰাণৰ অংশীদাৰিত্ব আগবঢ়ায় ৷ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰালৈকে ভাৰতৰ স্ক’ৰ আছিল 88/3 ।

কিন্তু, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ ঠিক পিছতেই পুনৰ চলিল মাহমুদৰ যাদু ৷ 39 ৰাণৰ ব্যক্তিগত স্ক’ৰত ভাৰতীয় বেটছমেন ঋষভ পন্তক দেখুৱাই দিয়ে পেভিলিয়নৰ পথ ৷ বৰ্তমানলৈকে 4টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছে বাংলাদেশী চেনছেচনগৰাকীয়ে ৷

হাছান মাহমুদ কোন?

1999 চনত বাংলাদেশৰ চিটাগঙত জন্মগ্ৰহণ কৰিছিল হাছান মাহমুদে । বৰ্তমান তেওঁৰ বয়স 24 বছৰ । 2020 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 খেলত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় । তাৰপিছৰ পৰা মাহমুদে 18 খন টি-20 খেলি 18 টা উইকেট দখল কৰে ।

এদিনীয়া খেলতো বলাৰগৰাকীয়ে দাঙি ধৰিছে দুৰ্দান্ত প্ৰদৰ্শন ৷ এই পৰ্যন্ত 22 খন এদিনীয়াত তেওঁ দখল কৰিছে 30 টা উইকেট ।

চলিত বছৰতে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটাইছিল মাহমুদে । অভিষেক মেচত 6 টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে বলাৰগৰাকীয়ে । পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বাংলাদেশে জয়লাভ কৰাৰ পাছতে খেলুৱৈগৰাকী লাইমলাইটলৈ আহে । এই ছিৰিজত মাহমুদে দখল কৰিছিল 8 টাকৈ উইকেট ।

প্ৰথম দিনা চাহ বিৰতিলৈকে ভাৰতৰ স্ক’ৰ (176/6)

বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ প্ৰথম দিনটোত চাহ বিৰতিলৈকে 6 টাকৈ উইকেট হেৰুৱাই ভাৰতে 176 ৰাণ সংগ্ৰহ কৰে । ক্ৰিজত বৰ্তি আছে ৰবিচন্দ্ৰন অশ্বিন (21) আৰু ৰবীন্দ্ৰ জাদেজা (7) । প্ৰথম দিনটোত 4 উইকেট দখলৰে বাংলাদেশৰ সফল বলাৰত পৰিণত হৈছে হাছান মাহমুদ ।

লগতে পঢ়ক: মেচৰ মাজতে ঋষভ পন্ত আৰু লিটন দাসৰ বাকযুদ্ধ, ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.