ETV Bharat / state

ছয়গাঁৱত জিলা প্ৰশাসনৰ আকৰ্ষণীয় পদক্ষেপ - থলুৱা খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা

ছয়গাঁৱৰ বনগাঁৱত কামৰূপ জিলা প্ৰশাসনে গ্ৰহণ কৰে এক আকৰ্ষণীয় পদক্ষেপ । আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি সাধাৰণ জনতাক সচেতন কৰাৰ পদক্ষেপেৰে লোৱা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ জিলা প্ৰশাসনে অনুষ্ঠিত কৰিলে বিভিন্ন প্ৰকাৰৰ থলুৱা খাদ্য সম্ভাৰৰ এক প্ৰতিযোগিতা ।

ছয়গাঁৱত জিলা প্ৰশাসনৰ আকৰ্ষণীয় পদক্ষেপ

author img

By

Published : Mar 10, 2021, 11:09 AM IST

বকো, ১০ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ কাউন্ট ডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত আৰু কেইটামান দিনহে বাকী । ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে প্ৰকাশ কৰিছে প্ৰাৰ্থীত্বৰ তালিকা । তাৰ লগে লগে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগতে ৰাজ্য প্ৰশাসনৰো তৎপৰতা বৃদ্ধি পাইছে । কামৰূপ জিলাৰ ছয়গাঁৱৰ জিলা প্ৰশাসনৰো দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা । মংগলবাৰে ছয়গাঁৱৰ বনগাঁৱত কামৰূপ জিলা প্ৰশাসনে গ্ৰহণ কৰে এক আকৰ্ষণীয় পদক্ষেপ । আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি কামৰূপ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে বিভিন্ন প্ৰকাৰৰ থলুৱা খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা ।

ছয়গাঁৱত জিলা প্ৰশাসনৰ আকৰ্ষণীয় পদক্ষেপ
ছয়গাঁৱত জিলা প্ৰশাসনৰ আকৰ্ষণীয় পদক্ষেপ

ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন মহিলা আত্মসহায়ক গোটসমূহক আমন্ত্ৰণ কৰে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ । এই প্ৰতিযোগিতাত বিজয়ী গোটসমূহক পুৰস্কাৰ প্ৰদান কৰে কামৰূপ জিলা প্ৰশাসনে । এই প্ৰতিযোগিতাখনৰ যোগেদি মহিলাসকলক ভোটদানৰ গুৰুত্ব তথা পোষ্টেল বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া আদিৰ বিষয়ে আলোকপাত কৰে জিলা প্ৰশাসনৰ বিষয়াসকলে । ইয়াৰোপৰি কোনো ব্যক্তি যদি ক'ভিড আক্ৰান্ত হয়, তেওঁলোকেও পোষ্টল বেলটৰ জৰিয়তে ভোট প্ৰদান কৰিব পাৰিব বুলি গোটসমূহক অৱগত কৰে । জিলা প্ৰশাসনৰ নিৰ্বাচনী বিষয়া বৃষ্টি বৰাই জানিবলৈ দিয়ে যে, এনেধৰণৰ কাৰ্যসূচী সমগ্ৰ কামৰূপ জিলাৰ চুকে-কোণে অনুষ্ঠিত হ'ব আৰু ইয়াৰ দ্বাৰা মহিলাসকলে ভোটদানৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ গাৱঁৰ ৰাইজৰ মাজত প্ৰচাৰ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিব ।

লগতে পঢ়ক: ডিঙিত কেমেৰা লৈ ভ্ৰমি ফুৰা ষ্টাইলিছ ফটোগ্ৰাফাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.