ETV Bharat / state

সমাপ্তিৰ দিশে ৰঙিয়াৰ ভোটগণনা

author img

By

Published : May 2, 2021, 5:18 PM IST

ৰঙিয়াৰ ভোটগণনা কেন্দ্ৰৰ চৌহদত নিজ নিজ সমৰ্থকৰ সৈতে পুৱাৰে পৰা উপস্থিত হৈছে ৰঙিয়া সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰ, কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা আৰু কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ ভট্টাচাৰ্য । নিজ নিজ সমষ্টিত জয়ী হোৱাক লৈ আটাইকেইজন প্ৰাৰ্থী আত্মবিশ্বাসী ।

VOTE COUNTING DAY
ৰঙিয়াৰ ভোটগণনা কেন্দ্ৰত উপস্থিত কেইবাগৰাকী প্ৰাৰ্থী

ৰঙিয়া,২ মে': কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যৰ ভিন্ন প্ৰান্ত চলি আছে ভোটগণনা প্ৰক্ৰিয়া । ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়তো ৰঙিয়াৰ আঠ গৰাকীৰ লগতে কমলপুৰৰ চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ‍্য নিৰ্ণয় হ'ব ।

আনকি ভোটগণনা কেন্দ্ৰৰ চৌহদত নিজ নিজ সমৰ্থকৰ সৈতে উপস্থিত হৈছে ৰঙিয়া সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰ, কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা আৰু কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ ভট্টাচাৰ্য ।

সমাপ্তিৰ দিশে ৰঙিয়াৰ ভোটগণনা

ৰঙিয়া সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰ আশাবাদী যে ৰঙিয়া সমষ্টিৰ পৰা তেওঁ শেষ হাঁহি মাৰি ওলাই যাব পাৰিব । লগতে টিভি চেনেলৰ নিৰ্বাচনী সমীক্ষাৰ পৰিবৰ্তে অসমত মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে । কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ মতে কমলপুৰ সমষ্টিত বিজেপিৰ জয় নিশ্চিত । উত্তৰ কামৰূপৰ লগতে অসমৰ প্ৰায়বোৰ সমষ্টিত বিজেপিয়ে জয়লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও আত্মবিশ্বাসী দিগন্ত কলিতা ।

আনহাতে কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ মতে এইবাৰ কংগ্ৰেছ দলেহে দখল কৰিব সমষ্টিটো । তেওঁৰ মতে এমাহ পূৰ্বেই ৰাইজে উত্তৰ দিছে, এতিয়া মাত্ৰ ফলাফললৈ অপেক্ষা । কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিব বুলিও তেওঁ আশাবাদী ।

লগতে পঢ়ক: 8 টা বছৰে ন্যায়ৰ অপেক্ষাত বিটিআৰৰ দুৰ্ভগীয়া পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.