বকো, 2 জুলাই: শনিবাৰে কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ উকিয়ামত অৱস্থিত উকিয়াম ৰাজহুৱা প্ৰেক্ষাগৃহৰ চৌহদত উকিয়ামসহ ২৬ খন গাঁও উন্নয়ন সমন্বয় সমিতিৰ সৈতে স্থানীয় ৰাইজে নৱনিযুক্ত উকিয়ামৰ গাঁওবুঢ়াৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই এখন বৈঠক আয়োজন কৰে (Villagers of Ukium protest against newly appointed headman) ৷
উল্লেখ্য যে, উকিয়াম গাঁওখনৰ গাঁৱপ্ৰধান চাম্বাৰলিন মাৰকে কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে । তাৰ পিছত ৰাজ্য চৰকাৰে বিগত ২৫ মে’ত এগৰাকী নতুন গাঁওবুঢ়া নিযুক্তি দিয়ে । তাৰ পিছতে উকিয়ামৰ এটা দলে ২৭ মে’ত কামৰূপ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি এজন বেলেগ গাঁওবুঢ়া নিযুক্তিৰ দাবীৰে এখন স্মাৰকপত্ৰ দাখিল কৰে ।
উকিয়াম অঞ্চলৰ গাঁওবাসীয়ে অভিযোগ অনুসৰি, নৱনিযুক্ত মুৰব্বীজন উকিয়াম গাঁৱৰ বাসিন্দা নহয় । তেওঁ উকিয়ামৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত থকা আন এখন গাঁৱত বাস কৰে ৷ গতিকে, উকিয়াম গাঁৱত যদি কিবা হয়, তেন্তে তেওঁ সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ৷
ইফালে, এই ক্ষেত্ৰত উপায়ুক্তই তৎক্ষণাত বিষয়টো অতিৰিক্ত উপায়ুক্তলৈ প্ৰেৰণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে । তাৰোপৰি উকিয়ামৰ বহুলোকে এই পদটোৰ বাবে আবেদন কৰিছিল বুলি জানিব পৰা গৈছে ৷
কিন্তু পৰিতাপৰ বিষয় যে, মে’ মাহৰ পৰা এতিয়ালৈকে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে । ফলত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ শনিবাৰে উকিয়াম অঞ্চলৰ গাওঁবাসীয়ে নৱনিযুক্ত প্ৰধান জনৰ বিৰোধিতা অব্যাহত ৰাখি নতুন গাঁওবুঢ়া নিযুক্তিৰ দাবী জনোৱাৰ (Villagers of Ukium area are opposed to the newly appointed headman) লগতে উপায়ুক্তক অতি সোনকালে সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ জনায় ।
লগতে পঢ়ক: Manipur landslide: মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ