ৰঙিয়া, ২১ আগষ্ট: অসমত প্ৰৱেশ কৰিছে এখনৰ পাছত আনখন বহিঃৰাজ্যৰ যাত্ৰীবাহী বাছ । আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিৰীক্ষণৰ বাবে জিলাবোৰৰ সীমাত থকা অস্থায়ী আৰক্ষী চকী পাৰ হৈ আগবাঢ়িছে বাছবোৰ । কিন্তু অসমৰ যাত্ৰীবাহী বাছবোৰক আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । ক'ভিড-১৯ সংক্ৰমণৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ নামত যেন ভেকো ভাওনাহে কৰিছে ।
কিয়নো, আৰক্ষী-প্ৰশাসনে এই ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি সকীয়াই থকাৰ সময়তে শনিবাৰে ৰঙিয়াত উপস্থিত হ'ল উত্তৰ প্ৰদেশৰ পৰা অহা এখন বাছ । দুজনীয়া আসনত তিনিজনকৈ যাত্ৰী বহুৱাই অনা হৈছে বাছখনত । আসনৰ তলতো বহিছে যাত্ৰী । বাছখনৰ ভিতৰত আছে প্ৰায় দহটাতকৈও বেছি কণ কণ শিশু ।
ক'ভিড প্ৰট'কল ভৰিৰে মোহাৰি উত্তৰ প্ৰদেশৰ পৰা অহা এই বাছখনে গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে । যাত্ৰীসকলক অনুজ্ঞাপত্ৰৰ কথা সোধাত মাত্ৰ পাঁচজনেহে দেখুৱাবলৈ সক্ষম হ'ল ক'ভিড পৰীক্ষাৰ নথি ।
এই প্ৰশ্ন কৰাৰ পাছতো বাছৰ চালকে মন্তব্য কৰাৰ পৰা বিৰত থাকে । আনহাতে, বহু দিন ধৰি ৰঙিয়াৰ মাজেৰে অন্য জিলাৰ যাত্ৰীবাহী বাছ চলাচল কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । লগতে জিলাখনৰ সীমাত থকা অস্থায়ী আৰক্ষী চকীসমূহতো আৰক্ষী উপস্থিত নাথাকে ।
এতিয়া প্ৰশ্ন হয় কেইবাখনো ৰাজ্য পাৰ হৈ অহা বাছখনে অসমত প্ৰৱেশ কৰাৰ পিছত ইমান কেইখন জিলা পাৰ হৈ ৰঙিয়াত কেনেদৰে উপস্থিত হ'ল ? আৰক্ষীয়ে ধনৰ বিনিময়ত বাছবোৰ চলাচল কৰিবলৈ অনুমতি দিয়া বুলি উত্থাপিত হৈ অহা অভিযোগৰ বাৰু সত্যতা আছে নেকি ! চৰকাৰে সঘনাই জাৰি কৰি থকা এছ অ' পি অনুসৰি প্ৰকৃততে প্ৰশাসনৰ লোকে কাম কৰিছে নে নাই তাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ।
লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি