ETV Bharat / state

বাইহাটা চাৰিআলিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ

author img

By

Published : Jan 10, 2021, 5:25 PM IST

Updated : Jan 10, 2021, 5:34 PM IST

দেওবাৰে বিহদিয়াত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থকাৰ লগতে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে জাতীয় ঐক্য সমাৰোহত ৷

বাইহাটা চাৰিআলিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ
বাইহাটা চাৰিআলিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ

বাইহাটা,10 জানুৱাৰী: বাইহাটা চাৰিআলিৰ বিহদিয়াত দেওবাৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ লগতে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে । জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী, ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে আদি কৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

প্ৰায় দহ হেজাৰৰো অধিক লোক সমবেত হোৱা সভা খনত অসম গণ পৰিষদৰ নেতা সকলে গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে সভাপতি অতুল বৰাই ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু AIDUF দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তাৰোপৰিও ৰাজনৈতিক মঞ্চখনতে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিধায়ক সত্যব্ৰত কলিতা আৰু মন্ত্ৰী অতুল বৰাক। কন্ঠ শিল্পী কল্পনা পাটোৱাৰীৰ গীতৰ তালে তালে গীত পৰিবেশন আৰু বিহুনৃত্য পৰিবেশন কৰি ৰাইজক ভোগালী বিহুৰ উলগ জনোৱা দেখা গ'ল মন্ত্ৰী অতুল বৰা আৰু বিধায়ক সত্যব্ৰত কলিতাক |

লগতে পঢ়ক: বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

Last Updated : Jan 10, 2021, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.