ETV Bharat / state

নিৰ্মাণৰত অৱস্থাতে ছিগিল মথাউৰিঃ আতংকিত - ৰিং বান্ধ

নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ছিগিল বগৰীবাৰীৰ নিৰ্মাণৰত মথাউৰি ৷ ভাঙি যোৱা অংশৰে পুনৰ পুঠিমাৰী নৈৰ পানী প্ৰৱেশ কৰিছে ৰঙিয়াৰ দিশে ৷ পুনৰ জলমগ্ন হোৱাৰ আশংকা অঞ্চলটো ৷

নিৰ্মাণৰত মথাউৰি
নিৰ্মাণৰত মথাউৰি
author img

By

Published : Sep 7, 2020, 12:47 PM IST

ৰঙিয়া, 7 ছেপ্তেম্বৰ: ৰঙিয়াৰ বগৰীবাৰীত চলি আছে মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম ৷ কিন্তু নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ছিগিল মথাউৰি ৷ পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে মেৰামতিৰ বাবে নিৰ্মাণ কৰা ৰিং বান্ধৰ একাংশ ৷ ভাঙি যোৱা অংশৰে পুনৰ পুঠিমাৰী নৈৰ পানী প্ৰৱেশ কৰিছে ৰঙিয়াৰ দিশে ৷ যাৰ বাবে আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ পৰিস্থিতি পুনৰ অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

নিৰ্মাণৰত মথাউৰি ছিগিল বগৰীবাৰীত

উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে পুঠিমাৰী নৈৰ বানে বগৰীবাৰীৰ মথাউৰিটো ছিঙি ৰঙিয়াত সৃষ্টি কৰিছিল তাণ্ডৱৰ ৷ মথাউৰি পুনৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰগতিত হ'ব লাগিছিল যদিও, যথেষ্ট লেহেমীয়া গতিত কাম চলা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ ঠিকাদাৰে কামত গাফিলতি কৰাৰ বাবেই ৰাইজে পুনৰবাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক: সংকটত ঐতিহাসিক মাহমৰা আলিঃ নিৰ্মাণৰ 6 মাহ নহওঁতেই বখলা বখলে এৰিছে পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.