ETV Bharat / state

বকোৰ ভিন্ন স্থানত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু - গামেৰিমুৰাৰ বাকাৰাপাৰা

দুদিনত বকোৰ পৃথক পৃথক স্থানত মৃত্যু ঘটে দুটাকৈ বনৰীয়া হাতীৰ ৷ প্ৰথমটো হাতী মৃত অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বকোৰ অন্তৰ্গত চুকুনীয়াপাৰাৰ পুখুৰীপাৰত ৷ গামেৰিমুৰাৰ বাকাৰাপাৰাত শুকুৰবাৰে উদ্ধাৰ হয় আনটো মৃত হাতী ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ অধীনষ্ঠ এলেকাত দুয়োটা ঘটনা সংঘটিত হয় ৷

বকো
বনৰীয়া হাতীৰ মৃত্যু
author img

By

Published : Feb 8, 2020, 1:59 PM IST

বকো,8 ফেব্ৰুৱাৰীঃ বিগত দুদিনত বকোৰ পৃথক পৃথক স্থানত মৃত্যু ঘটে দুটাকৈ বনৰীয়া হাতীৰ ৷ প্ৰথমটো হাতী মৃত অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বকোৰ অন্তৰ্গত চুকুনীয়াপাৰাৰ পুখুৰীপাৰত ৷ পুৱতি নিশা মৃত্যুক সাৱটি লোৱা প্ৰায় ২০ বছৰীয়া হাতীটোৰ সোঁ-ভৰিত পুৰণি আঘাতৰ চিন স্পষ্ট হৈ আছে । ইপিনে,হাতীটোৰ মৃত্যুৰ পিছত দুৰ্বৃত্তই দাঁত,শুৰ আদি অংগসমূহ কাটি লৈ যায়। বন্দাপাৰা বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া তথা কৰ্মী ৷ দক্ষিণ পুখুৰীপাৰৰ আঞ্চলিক জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ পিছফালে উদ্ধাৰ হয় উক্ত মৃত হাতীটো ৷

বনৰীয়া হাতীৰ মৃত্যু

আনহাতে,গামেৰিমুৰাৰ বাকাৰাপাৰাত শুকুৰবাৰে উদ্ধাৰ হয় আনটো মৃত হাতী ৷ এখন কল বাগানৰ সমীপত উদ্ধাৰ হোৱা হাতীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই ৷ অঞ্চলটোৰ বাসিন্দাসকলে প্ৰকাশ কৰা অনুসৰি নিশা হাতীটোৰ তীব্ৰ চিঞৰ শুনা গৈছিল ৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ অধীনষ্ঠ এলেকাত দুয়োটা ঘটনা সংঘটিত হয় ৷

লগতে চাওকঃবকোত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই যুৱক

Intro:Body:বকোত যোৱা দুটা দিনত দুটা ভিন্ন স্থানত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু।

প্ৰথমটো বকোৰ চুকুনীয়াপাৰা পুখুৰীপাৰত মৃতদেহ উদ্ধাৰ। পুৱতি নিশা মৃত্যুক সাৱতি লয় প্ৰায় ২০ বছৰীয়া হাতীটোৱে। হাতীটোৰ সো-ভৰিত পুৰণি আঘাতৰ চিন স্পষ্ট। হাতীটোৰ মৃত্যুৰ পিছত দাত আৰু শুৰ কাটি নিয়ে দুৰ্বৃত্তই। বন্দাপাৰা বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত এই ঘটনা। ঘটনাস্থলীত উপস্থিত বন বিষয়া, কৰ্মচাৰী। দক্ষিণ পুখুৰীপাৰ আঞ্চলিক জনজাতীয় মধ্য ইংৰাজী বিদ্যালয় পিছফালে উদ্ধাৰ মৃত হাতীটো।

পুনৰ শুক্ৰবাৰে, গামেৰিমুৰা বাকাৰাপাৰাত মৃত্যু এটা মখনা হাতীৰ। এখন কল বাগানৰ সমীপতে উদ্ধাৰ মৃত হাতীটো। হাতীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই। নিশা হাতীটোৰ তীব্ৰ চিঞৰ শুনিছিল সমীপৰ একাংশ লোকে। যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল আন এটা মৃত হাতী। বকোৰ চুকুনীয়াপাৰা পুখুৰীপাৰত উদ্ধাৰ হৈছিল মৃত হাতীটো। দুয়োটা হাতীৰ মৃত্যু পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ এলেকাত হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.