ৰঙিয়া, 23 জুন : মাছ চুৰি কৰাটোৱেই যেন কাল হ'ল দুই চোৰৰ বাবে(Thieves arrested for stealing fishing nets including fish) । ৰঙিয়াৰ পালাৰাত জালৰ মাছসহ ৩৬ খনকৈ জাল চুৰি কৰি হাতে-লোটে আটক হ'ল দুই চোৰ(Thief arrested at Rangia) । ইফালে, ৰাইজে ধৰি বান্ধি উত্তম-মধ্যম সোধাই চোৰ দুটাক । দুয়োটা চোৰক একেলগে বান্ধি কোনোৱে যদি চৰিয়াইছে আন কোনোবাই আকৌ চেণ্ডেলেৰে কোবাইছে ।
উল্লেখ্য যে, চৌদিশে এতিয়া বানৰ তাণ্ডৱ । বানৰ বাবে সমান্তৰালকৈ উঠিছে মাছৰ উজান । মাছ ধৰাৰ ব্যাপক প্ৰস্তুতি বানপীড়িত ৰাইজৰ । পিছে সক্ৰিয় ৰূপত উঠি পৰি লাগিছে জাল চোৰ চক্ৰ । পথাৰত মাছ ধৰাৰ বাবে পতা ৩৬ খনকৈ জাল চুৰি কৰি বিপদত পৰিল দুই চোৰ । চুৰি কৰা জালসহ বান্ধি থোৱা হ'ল দুই চোৰক ।
ৰঙিয়াৰ ডিমুৰ কৰুণা ডেকা আৰু পুতুল আলী নামৰ ধৃত চোৰ দুটাই মাছ ধৰা জাল চুৰি কৰিয়েই ৰাইজৰ হাতত লপা-থপা খাবলগীয়া হয় ৷ চুৰি কৰা জাল আৰু ৰচিৰে ৰাইজে বান্ধিলে চোৰ দুটাক ৷
লগতে পঢ়ক : লাহৰীঘাটত ড্ৰাগছসহ এজনক আটক