ETV Bharat / state

Road accident in Rangia: ৰঙিয়াত দুটাকৈ পথ দুৰ্ঘটনা, মহিলাসহ দুজনৰ মৃত্যু - ৰঙিয়াত দুটাকৈ পথ দুৰ্ঘটনা

ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Rangia) ৷ দুটাকৈ পৃথক পৃথক পথ দুৰ্ঘটনাই কাঢ়িলে এগৰাকী মহিলাসহ দুজনৰ প্ৰাণ ৷ ইয়াৰে এটা পথ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ ভাতকুছিত, আনটো হয় জয়ন্তীপুৰত ৷

Two people including a woman killed in road accident in Rangia
ৰঙিয়াত পথ দুৰ্ঘটনা
author img

By

Published : Feb 13, 2023, 9:38 AM IST

ৰঙিয়াত পথ দুৰ্ঘটনা

ৰঙিয়া, 13 ফেব্ৰুৱাৰী: দেওবাৰে ৰঙিয়াত পৃথকে পৃথকে সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত এগৰাকী মহিলাকে ধৰি দুজন লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Two people including a woman killed in road accident) ।

ইয়াৰে প্ৰথমটো দুৰ্ঘটনা ৰঙিয়াৰ ভাতকুছিত সংঘটিত হয় । নলবাৰী অভিমুখী দ্ৰুতবেগী কন্টেইনাৰ এখনে মহতিয়াই নিয়াৰ ফলত সংঘটিত দুৰ্ঘটনাটোত এগৰাকী মহিলা মৃত্যুমুখত পৰে । দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী হৈছে ৰঙিয়াৰ উদিয়ানাৰ জাহিৰা বিবি (৬০) । মহিলাগৰাকীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতে HR 61 D 7012 নম্বৰৰ কন্টেইনাৰখনে মহতিয়াই লৈ যায় ।

ইয়াৰ পাছতেই স্থানীয় লোকে মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মহিলাগৰাকীৰ মৃত্যু হয় (Woman killed in road accident) । ইফালে দুৰ্ঘটনা সংঘটিত কৰি কণ্টেইনাৰখনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত চালকসহ কণ্টেইনাৰখন আবদ্ধ কৰা হয় । পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ কন্টেইনাৰখন জব্দ কৰি ৰঙিয়া থানালৈ লৈ আহে ।

আনহাতে ৰঙিয়াৰ জয়ন্তীপুৰত সংঘটিত হয় দ্বিতীয়টো দুৰ্ঘটনা । বৰলীয়া নৈৰ দলঙত সংঘটিত হোৱা দুৰ্ঘটনাটোত এজন ছাত্ৰ থিতাতে নিহত হয় (Student died in road accident) । জানিব পৰা মতে, উদিয়ানা অভিমুখী ই ৰিক্সা এখনে নিয়ন্ত্ৰণ হেৰুৱাই জয়ন্তীপুৰৰ বৰলীয়া নৈৰ ওপৰত থকা পকী দলঙখনত তীব্ৰবেগেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় (E Rickshaw accident at Jayantipur)। দুৰ্ঘটনাটোত ই ৰিক্সাত গৈ থকা এজন ছাত্ৰ ই-ৰিক্সাখনৰ তলত পৰি থিতাতে কৰুণ মৃত্যুক সাৱটি লয় । মৃত ছাত্ৰজন হৈছে পিতাম্বৰ হাটবজালীৰ নিবাসী চণ্ডিৰাম কলিতা আৰু কবিতা কলিতাৰ সন্তান তথা পিতাম্বৰ আদৰ্শ হাইস্কুলৰ দশম মান শ্ৰেণীত অধ্যয়নৰত নিতুমণি কলিতা (১৬) বুলি জানিব পৰা গৈছে ।

Two people including a woman killed in road accident in Rangia
ৰঙিয়াত পথ দুৰ্ঘটনা

নিতুমণি কলিতাই অধ্যয়নৰত বিদ্যালয়খনৰ দশম শ্ৰেণীৰ বিদায় সভাৰ বাবে বজাৰলৈ ওলাই যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈ মৃত্যুমুখত পৰে (Road Accident in Rangia) । ইফালে ই-ৰিক্সাৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ই-ৰিক্সাসহ সেই স্থানৰ পৰা পলায়ন কৰে । একেটা দিনতে পৃথকে পৃথকে সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত দুগৰাকীকৈ লোকে মৃত্যুক সাৱটি লোৱা এই ঘটনাই সমগ্ৰ ৰঙিয়া অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক: Road accident in Goreswar: গোৰেশ্বৰত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.