ETV Bharat / state

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই

author img

By

Published : Jun 20, 2020, 3:28 PM IST

গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে ৷ নিহত লোক দুজন হৈছে কৃষ্ণাইৰ নৱকান্ত ৰাভা আৰু গুৱাহাটী মালিগাঁৱৰ খৰু দাস ৷

Two killed in a road accident in Goalpara
গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই

বকো, 20 জুন : গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে ৷ নিহত লোক দুজন হৈছে কৃষ্ণাইৰ নৱকান্ত ৰাভা আৰু গুৱাহাটী মালিগাঁৱৰ খৰু দাস ৷

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই

ঘটনাৰ বিৱৰণী অনুসৰি,দুধনৈৰ আমজোঙা 17নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা । মাৰুতি ভান আৰু ভাৰনা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় ৷ এ এছ ০১ এ কে ৯৩৯৪ নম্বৰৰ ভাৰনা বাহনখন গোৱালপাৰাৰ দিশে আৰু এ এছ ১৮ ই ৭৩২৫ নম্বৰৰ মাৰুতি ভানখন গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ সময়তে মুখামুখি সংঘৰ্ষ হয় ।

ইয়াৰ ফলত থিতাতে নিহত হয় বাহন দুখনৰ চালক দুজন । আনহাতে,আহত হৈছে কিশোৰীসহ দুজন ৷ আহতসকলক দুধনৈৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈছে দুধনৈ আৰক্ষী ৷

আৰু পঢ়ক : বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.