ছয়গাঁও, 3 নৱেম্বৰ : পলাশবাৰী নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসৰ নেতৃত্বত পলাশবাৰী-উপৰহালী পথত AS01-DD-5521 আৰু AS01-DD-8367 নম্বৰৰ দুখন চালান বিহীন মাটি ভৰ্ত্তি ডাম্পাৰ জব্দ কৰে পলাশবাৰী নগৰ আৰক্ষীয়ে ৷ অভিযোগ মতে, পাহাৰৰ ৰঙামাটি ভৰ্তি চালান বিহীন ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে দক্ষিণ কামৰূপৰ পলাশবাৰী-উপৰহালী পথৰে চলাচল কৰা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, পথাচাৰীৰ লগতে স্থানীয় বাসিন্দাক ৷
আনহাতে দিনে-ৰাতিয়ে নিৰবিচ্ছিন্নভাৱে চলা এই চালান বিহীন ডাম্পাৰৰ পৰা চৰকাৰে হেৰুৱাই আহিছে কোটি কোটি টকাৰ ৰাজহ ৷ এই সন্দৰ্ভত স্থানীয় সচেতন নাগৰিক, দল-সংগঠন সমূহে অভিযোগ দিয়াৰ সমান্তৰালভাৱে সংবাদ গোষ্ঠী সমূহেও প্ৰায়ে বাতৰি প্ৰকাশ কৰিছে ৷ কিন্তু ইয়াৰ পাচতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে ৷
অভিযোগ অনুসৰি, পৱন আগৰৱাল নামৰ এজন অনা-অসমীয়া ব্যক্তিয়ে হিতেশ কলিতা ওৰফে ধন নামৰ স্থানীয় এজন ব্যক্তিৰ নেতৃত্বত চালান বিহীনভাৱে চলাই আহিছে পাহাৰৰ ৰঙামাটি ভৰ্ত্তি ডাম্পাৰৰ এই বেহা ৷ পলাশবাৰী নগৰ আৰক্ষীয়ে এনে অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিছে যদিও এতিয়াও ২০-৩০ ডাম্পাৰে চালানবিহীনভাৱে কঢ়িয়াই আছে মাটি ৷
লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল