বকো, 2 জুন: কামৰূপ জিলাৰ বকো সমষ্টিত মঙলবাৰে দুজনকৈ লোক Covid 19 ত আক্ৰান্ত হোৱাৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । দৰাচলতে বকোৰ মাজ বন্দাপাৰাৰ এজন লোকৰ বৃহস্পতিবাৰে Swab সংগ্ৰহ কৰা হয় । পৰৱৰ্তী সময়ত মঙলবাৰে কৰ'ণাত আক্ৰান্ত বুলি জানিব পৰা যায় লোকজন ৷ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল লোকজন ৷ লোকজনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট'ৰী নাই বুলিও জানিব পৰা গৈছে । আনহাতে ২০ দিন পূৰ্বে বিজয়নগৰৰ এজন চিকিৎসকৰ কাষলৈ গৈছিল কৰ'ণাত আক্ৰান্ত লোকজন । ইতিমধ্যে,লোকজনৰ গৃহৰ চৌপাষে ১০০ মিটাৰ দুৰত্বলৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷
আনহাতে,নগৰবেৰাৰ জামলাই ৰুপাহাৰা গাঁৱৰ এজন লোকৰ দেহতো ধৰা পৰিছে কোভিডৰ অৱস্থিতি ৷ ২৬ মে'ত নাগালেণ্ডৰ পৰা ঘৰলৈ আহিছিল ২৫ বছৰীয়া যুৱকজন ৷ ইতিপূৰ্বে যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল চিকিৎসকে ৷ যুৱকজনৰ বিৰুদ্ধে চিকিৎসকৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷
লগতে চাওকঃ ইবোলাৰ প্ৰতিষেধক প্ৰস্তুতকৰ্তা Merck সংস্থাই নিৰ্মাণ কৰিব কোভিড-19ৰ প্ৰতিষেধক !