ETV Bharat / state

বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ - TRICYCLE DISTRIBUTION, SONTOLI, SOUTH KAMRUP

দক্ষিণ কামৰূপৰ সোণতলীত ব্যক্তিগত প্ৰচেষ্টাৰে বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ কৰে বকোৰ বিধায়িকা নন্দিতা দাসে । ৩০ গৰাকী বিশেষভাৱে সক্ষম লোকক ট্ৰাই চাইকেল প্ৰদান কৰে বিধায়িকাগৰাকীয়ে ।

AS_BOKO_TRICYCLE_DISTRIBUTION_VIS_AS10052
বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ
author img

By

Published : Feb 9, 2021, 6:42 PM IST

বকো,৯ ফেব্ৰুৱাৰী: দিব্যাংগ লোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দি অহা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে প্ৰতিশ্ৰুতি পূৰণ কৰিলে । মঙলবাৰে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে দক্ষিণ কামৰূপৰ সোণতলীত ৩০ গৰাকী বিশেষভাৱে সক্ষম লোকক ট্ৰাই চাইকেল প্ৰদান কৰে বিধায়িকাগৰাকীয়ে । চৰকাৰী সাহাৰ্য তথা বিধায়ক পুঁজি অবিহনেই বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ কৰে নন্দিতা দাসে ।

সোণতলীত দিব্যাংগ লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ বিধায়িকা নন্দিতা দাসৰ

সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন ৷ কামৰূপ জিলাৰ কোনো দিব্যাংগ লোকে যাতে চৰকাৰী সহায়-সাহায্য লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে 'হেঁপাহ' আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে ৷ বিধায়িকা নন্দিতা দাসে কৰা সহায়ৰ বাবে দিব্যাংগ লোকসকলে তেওঁক ধন্যবাদ জ্ঞাপন কৰে । লগতে আগন্তুক নিৰ্বাচনত বিজয়ী হ'লে প্ৰতিবছৰে দিব্যাংগ লোকসকলক ট্ৰাই চাইকেল প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে ।

আনহাতে, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে বিধায়িকাৰ উপস্থিতিতে সোণতলীৰ খহনীয়াগ্ৰস্ত পানীখাইটী অঞ্চল পৰ্যবেক্ষণ কৰে । মাহতলী গাঁও পঞ্চায়তৰ অধীনৰ ৯ খন ৰাজহ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে । শীঘ্ৰে পানীখাইটীৰ উজনি অংশৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ হ'ব বুলি জনাইছে জিলা উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.