ৰঙিয়া,18 নৱেম্বৰঃ ৰঙিয়াৰ তাৰাকুছিৰ ৰাজপথত বিপজ্জনকভাৱে আছে হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰ। যাৰ পৰা যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। কিন্তু গুৰুত্ব নাই অকৰ্মণ্য বিদ্যুৎ বিভাগৰ।
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰাকুছি-বঢ়মপুৰ পথৰ ওপৰতে আছে এই হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰটো । কাষতে বাঁহৰ খুটাত বিদ্যুতৰ তাৰ সংযোগ কৰি যোগান ধৰিছে গ্ৰাহকক । ইতিমধ্যে এনেদৰে বিপজ্জনকভাৱে উন্মুক্ত অৱস্থাত ট্ৰান্সফৰ্মাৰটো থকাৰ বাবে বহু পশুধনৰ মৃত্যু হৈছে ।
এনেদৰে বিপজ্জনকভাৱে হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰ উন্মুক্ত অৱস্থাত থকা বাবে ৰাইজে ভয়, শংকা আৰু আতংকত ভুগিব লগিয়া হৈছে । ইপিনে ৰাইজে বহুবাৰ বিদ্যুৎ বিভাগক লিখিত অভিযোগ দিছিল । কিন্তু বিভাগৰ তৰফৰ পৰা বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল বুলি ৰাইজে অভিযোগ কৰিছে ।
লগতে পঢ়কঃ বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ