ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news at 9 am

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 30, 2021, 9:05 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি:

পুৱা 11 বজাত ৱেবচাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ৰিজাল্ট

পুৱা 11 বজাত ৱেবচাইট (Website) যোগে ছেবাই ঘোষণা কৰিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । মুঠ 14 টা ৱেবচাইত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল ৷

মুখ্য়মন্ত্ৰীক মিজোৰামৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণৰ আহ্বান এ আই ইউ ডি এফৰ

এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে বৃহস্পতিবাৰে শ্বহীদ নাজমূল হকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ বিধায়ক দুগৰাকীয়ে মুখ্যমন্ত্ৰীক দৃঢ় স্থিতি গ্ৰহণৰ বাবে আহ্বান জনায় ৷

পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

চামগুৰি পদুমনি গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন্যহস্তীৰ চলালে উপদ্ৰৱ ৷ গাঁওখনৰ কেইবাজনো লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷

অসমখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় : মনোৰঞ্জন তালুকদাৰ

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই শিলচৰত সীমান্ত বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি উল্লেখ কৰিছিল ৷

বিশিষ্ট লেখিকা ড৹ অনিমা গুহৰ দেহাৱসান

গুৱাহাটীৰ উলুবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মী অনিমা গুহে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ ৷ সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷

মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকল দেশৰ বিশ্বাসঘাতক : জয়ন্ত মল্ল বৰুৱা

মিজো আৰক্ষীৰ (mizo police) গুলীত নিহত শ্বহীদ জোৱান নামমূল হকৰ বৰপেটাৰ কদমগুৰি গাঁৱৰ ঘৰত উপস্থিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা ৷

কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱত সীমান্তত সংঘাত হৈছে : টাইপা

অসম-মিজোৰাম সীমান্ত সংঘাতৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ টাই আহোম যুৱ পৰিষদেও অসম-মিজোৰাম সীমান্তৰ গুলিচালনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

পখিলাই ইয়াৰ সৌন্দৰ্য, ৰঙীণ অৱয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত এক সুকীয়া স্থান দখল কৰি আহিছে ৷ সমগ্ৰ অসমতেই প্ৰায় 962 বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে ৷ দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্যৰ পখিলাৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ...

কাৰ্বি পাহাৰত কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য...

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি পাহাৰৰ পৰা নিগৰি আহিছে কাকচাং জলপ্ৰপাত ৷ জলপ্ৰপাতটোৰ পৰা অবিৰত গতিত নামি অহা জলৰাশি আৰু ইয়াৰ কুলু কুলু শব্দই যেন পুলকিত কৰি তোলে মন-প্ৰাণ ৷

পুৰণি কীৰ্তিচিহ্নৰে ভৰি আছে ননৈৰ বৃহত্তৰ এলেকা

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ উদমাৰী গাঁও পঞ্চায়তৰ এলেকাধীন ননৈ অঞ্চলতে আছে পুৰণি বহু কীৰ্তিচিহ্ন ৷ টাটা কোম্পানীৰ মালিকানাধীন ননৈ চাহ বাগিচা প্ৰাকৃতিক পৰিৱেশে বিনন্দীয়া এক মনোমোহা সেউজবুলীয়া অঞ্চল ৷ এই ঠাইতে আছে বহু পুৰণি এটি শিৱ মন্দিৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.