ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jun 22, 2021, 11:06 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 NEWS AT 9 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি:

প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

সঁচাই এক দুঃসাহসিক তথা ৰোমাঞ্চকৰ যাত্ৰা । নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব আপুনি ৷ ভৰ বাৰিষাৰ আৰম্ভণিত ওফন্দি উঠা বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত এক দুঃসাহসিক শিহৰণকাৰী যাত্ৰা কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এক উদ্যমী তথা প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈ ওৰফে বুমণিয়ে । ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত ভৰ বাৰিষা, ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজেৰে এই দুঃসাহসিক তথা শিহৰণকাৰী যাত্ৰা হ'ব কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত । এই যাত্ৰা কোনো কাঠৰ নাও বা জাহাজ, বাঁহ বা কলৰ ভূৰৰে নহয় ৷ সোমবাৰে পেলনীয়া প্লাষ্টিক বটলৰ নাৱৰ জৰিয়তে নদীদ্বীপ মাজুলী যাত্ৰা যুৱকজনৰ ।

কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ নতুন ক’ভিড নিৰ্দেশনা অনুসৰি ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা । আনহাতে কামৰূপ(ম) ত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷

শিৱসাগৰৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

সোমবাৰে শিৱসাগৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে অভিভাৱক মন্ত্ৰী হিচাপে ডাঃ ৰণোজ পেগুৱে ৷ জিলাখনৰ ক'ভিডৰ ভেকচিন প্ৰদান কাৰ্যসূচীক লৈ সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

এবছৰৰ ভিতৰত লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ধেমাজিৰ পাচতে সোমবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হোৱাৰ পাচতে লখিমপুৰত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম, লখিমপুৰ মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ETV BHARAT EXCLUSIVE : কাৰাৰুদ্ধ জীৱনৰ বৰ্ণনা দিলে নাতাশা-দেবাংগনাই

বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত তিহাৰ জেল (Tihar Jail)ত কাৰাবন্দী জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা অসমৰ জীয়ৰী দেৱাংগনা কলিতা (Devangana Kalita) আৰু নাতাশা নাৰৱাল (Natasha Narwal)ৰ সৈতে ইটিভি ভাৰতৰ দিল্লীৰ ৰাজ্যিক মুৰব্বী বিশাল সূৰ্যকান্তই এক বিশেষ সাক্ষাৎকাৰ লৈছিল ৷ প্ৰায় এবছৰ কাৰাবাস কটোৱাৰ পাছত 17 জুনত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল দেৱাংগনা কলিতা (Devangana Kalita) আৰু নাতাশা নাৰৱাল (Natasha Narwal)ক । 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ২০২০ চনৰ মে' মাহত দেৱাংগনা কলিতা (Devangana Kalita) আৰু নাতাশা নাৰৱাল (Natasha Narwal)ক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ দেৱাংগনা কলিতা আৰু নাতাশা নাৰৱালে (Natasha Narwal) এই সাক্ষাৎকাৰত তিহাৰত থকা সময়ত সন্মুখীন হোৱা দুখজনক অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কৈছিল ।

চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ

চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সোমবাৰে নিবিদা দিয়াক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছ দলৰ দলীয় কৰ্মী সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বিল, সাপ্তাহিক বজাৰসমূহৰ বাবে আজি আছিল নিবিদা দিয়াৰ দিন । পুৱাৰে পৰা বাজিয়া গাঁও ব্লকৰ বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ নেতৃত্বত বিজেপিৰ সমৰ্থক নিবিদাকাৰীসকলে শান্তিপূৰ্ণভাৱে নিবিদা দিয়ে যদিও কংগ্ৰেছ দলৰ সমৰ্থকে নিবিদা দিবলৈ আঁহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কংগ্ৰেছৰ বাহন ক্ষতি কৰাৰ লগতে কংগ্ৰেছৰ সৰ্মথককো লপা-থপা বিজেপি সমৰ্থকে ।

মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা

অম্বুবাচী (Ambubasi) ৰ দিনকেইটাত কৃষকসকলে হালখতি কৰাৰ লগতে যিকোনো ধৰণৰ বীজ ৰোপণ কাৰ্য বন্ধ ৰাখে । মাটি খন্দা, কোৰ মৰা আদি নিষেধ । তদুপৰি এইকেইদিনত পূজা-অৰ্চনাও কৰা নিষেধ ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিনামূলীয়া ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ মহা অভিযান প্ৰক্ৰিয়া । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম নিয়োগ কৰা হৈছে ৷

দৰঙত প্ৰতিষেধক প্ৰদান অভিযান নিৰীক্ষণ চন্দ্ৰ মোহন পাটোৱাৰীৰ

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ(Mega vaccination dribe) ৷ ইয়াৰ মাজতে সোমবাৰে পুৱাৰ ভাগতে মঙলদৈত উপস্থিত হৈ দৰঙৰ কেইবাটাও মডেল প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ মঙলদৈ চহৰৰ মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা ভেকচিনেচন কেন্দ্ৰটো পৰিদৰ্শন কৰি পাটোৱাৰীয়ে কয় যে, দৈনিক 7 হাজাৰ ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছিল যদিও মেগা ভেকচিনেচন ড্ৰাইভৰ আৰম্ভণিৰ দিনটোতে জিলা স্বাস্থ্য বিভাগে 8500 ভেকচিন দিবলৈ সক্ষম হয় ৷

কলিয়াবৰৰ প্ৰতিষেধক কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকা

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ ইয়াৰ মাজতে সোমবাৰে পুৱা কলিয়াবৰত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ ইয়াৰ পাছতে কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তসহ মিছাৰ কেলিডেন চাহ বাগিচা আৰু জখলাবন্ধাৰ প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে পীযুষ হাজৰিকাই ৷ কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি দুয়োগৰাকীয়ে মন্ত্ৰীয়ে ক'ভিড পৰিস্থিতৰ বুজ লয় ৷ লগতে টীকাকৰণ যাতে দ্ৰুতগতিত হয় তাৰ বাবে স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে লক ডাউনৰ সম্ভাৱনা নুই কৰিলে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.