ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা
কাহিলীপাৰাস্থিত নিজৰ দুমহলীয়া ঘৰ ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে । বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক'ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।
মুখ্যমন্ত্ৰী কোন: ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ
অগপৰ ভিতৰচ'ৰাত জোকাৰণি তুলিছে এখন পত্ৰই । দলটোৰ বিধায়ক ৰেণুপমা ৰাজখোৱাই সভাপতি অতুল বৰাৰ হাতত অৰ্পণ কৰিছে এখন চিঠি । চিঠিত ৰেণুপমা ৰাজখোৱাই উল্লেখ কৰিছে যে আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ সৰ্বাংগীণ বিকাশ আৰু অগ্ৰগতিৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাকেই অগপ বিধায়িনী দলে সমৰ্থন জনাব লাগে ।
ৰাজ্যৰ ৪০ শতাংশ জিলাত নাই ক'ভিড আইচিইউ
ৰাজ্যখনত বৰ্তমান প্ৰায় ৩০ হাজাৰ ক'ভিড ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে মাত্র ৮,১৪৯ খন বিচনা আছে । ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ক'ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ত নাই কোনো আইচিইউ বিচনা । আনকি আইচিইউ বিচনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই ।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে বিশ্বনাথত পৌৰ নিগমৰ অধীনত ৷
এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী
বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী ৷ চাৰিবছৰ পূৰ্ৱে এক পথ দুৰ্ঘটনাৰ ফলত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হৈছিল মফিজুল নামৰ যুৱকজনে ৷
মছজিদত চুৰি কৰি ৰাইজৰ ৰোষত চোৰ
ৰূপহীহাটৰ ছাইদৰীয়া জামে মছজিদত সংঘটিত চুৰি কাণ্ড । মছজিদৰ দানপাত্ৰৰ তলা ভাঙি লুটি নিলে ধন । বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এই চুৰি কাণ্ড । অৱশেষত হাতে-লোটে চোৰক আটক কৰে ৰাইজে । ধৃত চোৰটোক ৰাইজে ধৰি উত্তম-মাধ্যম দি আৰক্ষীক চমজাই দিয়ে । ধৃত চোৰটোৰ নাম আৰিফুল ইছলাম বুলি জানিব পৰা গৈছে ।
তামিলনাডুত ফ্ৰণ্টলাইন কৰ্মীৰ বাবে উপ-নগৰীয় ৰে'লসেৱা আৰম্ভ
ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ ৰে'লৱে-এ শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজৰ বাবে তামিলনাডুত উপ নগৰীয় ৰে'লসেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে । কেৱল ফ্ৰণ্টলাইন কৰ্মী আৰু জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীকহে ৰে'লেৰে ভ্ৰমণ কৰাৰ অনুমতি দিয়া হৈছে ।
বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা
বেংগালুৰুৰ জালাহাল্লিত বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে ১০০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । বায়ু সেনাৰ কামাণ্ড হাস্পতালৰ চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াৱ ৰোগীসকলক ।
জন্মু-কাশ্মীৰৰ সংঘৰ্ষত আৱদ্ধ চাৰি সন্ত্ৰাসবাদী
বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত স্থানত আল-বাদ্ৰা সন্ত্ৰাসবাদী সংগঠনৰ চাৰিজন নৱনিযুক্ত স্থানীয় সন্ত্ৰাসবাদী আৱদ্ধ হৈ আছে বুলি জনায় কানিগাম আৰক্ষীয়ে ।
ষ্টেট বেংকৰ চৰাইবাহী শাখাক কণ্টেইনমেণ্ট জ'ন ঘোষণা
কণ্টেইনমেণ্ট জ'নলৈ পৰিৱৰ্তিত হৈছে যোৰহাটত থকা বিভিন্ন বেংকৰ শাখাৰ কাৰ্যালয় । জিলাখনত দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যোৰহাটত ইউনিয়ন বেংকৰ পাছত এতিয়া ষ্টেট বেংকৰ চৰাইবাহী শাখাৰ কাৰ্যালয়কো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ।