ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ - সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : May 4, 2021, 5:05 PM IST

ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা

ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি কোটি কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ যদিহে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ গম্ভীৰতাক গুৰুত্বসহকাৰে লোৱা নাযায়, তেনেহ’লে দেশৰ শিক্ষা খণ্ডৰ সামগ্ৰিক প্ৰগতি এক দ-খাৱৈত পৰিবগৈ ৷ ইনাডুৰে হোৱা এক সাক্ষাৎকাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কৃষ্ণ কুমাৰে কেইবাটাও পৰামৰ্শ আগবঢ়াই ৷

টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত 5 বছৰীয়া শিশু

গোলাঘাটত টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হ'ল 5 বছৰীয়া এগৰাকী শিশু ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিশুটিক ৷

খৰাংসদৃশ পৰিস্থিতি: গভীৰ সংকটত অসমৰ চাহ উদ্যোগ

গভীৰ সংকটত অসমৰ চাহ উদ্যোগ । এফালে লক ডাউন, আনফালে খৰাংসদৃশ পৰিস্থিতি ৷ প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱাৰ বাবে ৰাজ্যৰ বৃহৎ চাহগোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ

শেহতীয়াকৈ কৃত্ৰিম বানে নগুৰ-নাগতি কৰিছে ৰঙিয়াবাসীক ৷ ধাৰাষাৰে হৈ থকা বৰষুণৰ বাবে এইবাৰ কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ ৷

অখিল গগৈক সাক্ষাৎ কৰি ৰূপজ্যোতি কুৰ্মীৰ

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কাৰাবন্দী তথা শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক সাক্ষাৎ কৰে । সাক্ষাতৰ পূৰ্বে বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বিভিন্ন প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে শপত গ্ৰহণ কৰি চৰকাৰ গঠনেৰে বিজেপি মিত্রজোঁটে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিব লাগিছিল বুলি ব্যক্ত কৰে কুৰ্মীয়ে ।

অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।

যোৰহাটত সাময়িকভাৱে বন্ধ ইউনিয়ন বেংক

যোৰহাটত দৈনিক বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ চহৰখনৰ ইউনিয়ন বেংকৰ দুগৰাকীকৈ কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে সাময়িকভাৱে বন্ধ কৰা হৈছে বেংকটো ৷

অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত ৰখাৰ পিছত এইবাৰ দ্বাদশ শ্ৰেণী তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত মঙলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে।

বৰপেটা চাইল্ড লাইনে উদ্ধাৰ কৰিলে 15 বছৰীয়া কিশোৰীক

চৰকাৰে বাল্য বিবাহ ৰোধৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বৰপেটা জিলাৰ জনীয়াত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা ৷ এমাহ পূৰ্বে কলগাছিয়াৰ লাচাংগা গাঁৱৰ এগৰাকী 15 বছৰীয়া কিশোৰীক বিবাহ-পাশত আৱদ্ধ কৰোৱা হৈছিল একে গাঁৱৰে আবেদ আলী নামৰ এজন যুৱকৰ সৈতে ৷

গোৱালপাৰাৰ কাছুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰাৰ কাছুমাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত । স্থানীয় ৰাইজে জনোৱা মতে নিহত লোককেইজনৰ নাম দীপাংক ৰাভা আৰু পল্লৱ ৰাভা । আনহাতে, আহত দুজন ভোটাচ সিং ৰাভা আৰু বিসঞ্জয় ৰাভা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.