ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - top-10

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Apr 24, 2021, 5:28 PM IST

ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি

শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

শনিবাৰে পুৱা 11 বজাত ভাৰতৰ 48 তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তত্বাৱধানত জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে শপত গ্ৰহণ কৰে ৷ 26 আগষ্ট 2022 বৰ্ষত ন্যায়াধীশ ভেংকটৰমণে অৱসৰ গ্ৰহণ কৰিব ৷

ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

ৰাজ্যৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি নিয়ম জাৰি কৰাৰ পিছতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে । এই সন্দৰ্ভত নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাই আৰু নাগপুৰৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান

২৫ মাৰ্চত পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি অপৰাধমূলক ৰাজহুৱা স্বাৰ্থৰ এক গোচৰ ৰুজু কৰিছিল য'ত তেওঁ দাবী কৰিছিল যে নিলম্বিত আৰক্ষী শচীন ৱেজকে ধৰি আৰক্ষী বিষয়াসকলক বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা ১০০ কোটি টকা জব্দ কৰিবলৈ কৈছিল দেশমুখে ।

কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ডিমা হাছাওত প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত সজাগতা সভা ৷ জিলা উপায়ুক্ত পল বৰুৱাই হাফলঙৰ সাধাৰণ লোকৰ মাজত কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷

ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত ক‘ভিড-নীতি নমনাৰ অভিযোগ

কোনো নিয়ম-নীতি নোহোৱাকৈ অৰাজকতাৰ সৃষ্টি হৈছে ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত ৷ কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলাৰ লগতে ক‘ভিড-নীতি নমনাৰ ফলত চেন্টাৰটোত সৃষ্টি হৈছে অৰাজকতাৰ ৷

অপহৃত ঋতুল শইকীয়াৰ বাসগৃহত শোকাকুল পৰিবেশ

অ'এনজিচিৰ অপহৃত তিনি কৰ্মচাৰীৰ দুজনক শুকুৰবাৰে নিশা উদ্ধাৰ কৰে আসাম ৰাইফলছে । মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ মুক্তিৰ খবৰ আহি পৰিছে যদিও এতিয়াও সন্ধান নাই অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ । অপহৰণকাৰী দলক ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ পুনৰবাৰ আবেদন পৰিয়ালৰ ।

উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণ : ২টা মৃতদেহ উদ্ধাৰ

উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ চুমনা গাঁৱত ভয়ংকৰ হিমবাহ বিস্ফোৰণ ৷ সেনা বাহিনীয়ে জনোৱা মতে, অঞ্চলটোত বিগত ৫ দিন ধৰি বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে । ভাৰতীয় সেনাই সেই ঠাই সমূহ চাফা কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । অভিযানত সেনাই ২ টাকৈ মৃতদেহৰ লগতে ২৯১ গৰাকী লোকক উদ্ধাৰ কৰিছে ৷

চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিঃ পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ

কৰ'ণাত আক্ৰান্ত পিতৃয়ে চাৰি দিন পূৰ্বেই চিৰবিদায় মাগিলে । কিন্তু পিতৃৰ মৃত্যুৰ পিছতো পুত্ৰই পিতৃৰ বাবে যোগান ধৰি থাকিল খাদ্য, ফলৰ ৰস আৰু কাপোৰকে ধৰি বহু সামগ্ৰী । চিকিৎসালয় কৰ্তৃপক্ষয়ো গ্ৰহণ কৰিলে সকলো সামগ্ৰী । পুত্ৰই উমানেই নাপালে যে, তেওঁৰ পিতৃ এই পৃথিৱীত নাই । কেৱল এয়াই নহয়, চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পৰাও বঞ্চিত হ'ল পুত্ৰ ।

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

আজি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ 48সংখ্যক জন্মদিন ৷ মাৰ্চ মাহৰ শেষৰ ফালে কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হোৱা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনত অলেখ শুভাকাংক্ষীয়ে জনাইছে শুভকামনা ৷ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে 2013 চনত লাভ কৰিছিল ভাৰত ৰত্নৰ খিতাপ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.