ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : May 2, 2021, 3:04 PM IST

ক'ভিড প্ৰট’কল পালনেৰে ৰাজ্যত অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া

ৰাজ্যত আৰম্ভ হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ মুঠ 126 খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগণনা ৷ কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক'ভিড নীতি পালনৰ মাজেৰে অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া ৷

অসমত পুনৰ বিজেপি চৰকাৰ হ’ব: বিমল বৰা

পুনৰ বিধায়ক হোৱাৰ দিশে আগবাঢ়িছে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা । ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰতে টিংখাং সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিধায়ক গৰাকী ।

ডিব্ৰুগড়ত মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক দেখা গ'ল অন্য ৰূপত

আজি ৰাজ্যত অনুষ্ঠিত হৈছে 2021ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ আন আন জিলা আৰু সমষ্টি সমূহৰ দৰে ডিব্ৰুগড়টো ক'ভিড প্ৰ’টকল মানি অনুষ্ঠিত হৈছে ভোটগণণা প্ৰক্ৰিয়া ৷

কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা...

অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া ৷ অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ফলাফলৰ দিশে আগবাঢ়িছে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টি ৷

পঞ্চম ৰাউণ্ডৰ অন্তত 15,074 ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

15,074 ভোটত অগ্ৰগতি লাভ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পঞ্চম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত সৰ্বানন্দ সোণোৱালে লাভ কৰিছে মুঠ 24,097 ভোট ৷ সোণোৱালৰ প্ৰতিদ্বন্দী তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে মুঠ 9023 টা ভোট লাভ কৰিছে ৷

গোলাঘাট জিলাৰ আটাইকেইটা সমষ্টিত অগ্ৰগতি লাভ বিজেপি মিত্ৰজোঁটৰ

ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ এতিয়া সৰ্বত্ৰে উৎকণ্ঠা ৷ কাৰণ আৰম্ভ হ'ল ভোটগণনা প্ৰক্ৰিয়া ৷ গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সমষ্টিৰ বাবেও ইতিমধ্যে পুৱা 8বজাৰে পৰা আৰম্ভ হৈছে ভোটগণনা ৷

ভোটগণনাক লৈ বহু আশাবাদী প্ৰাৰ্থী প্ৰশান্ত ফুকন

আৰম্ভ হ’ল অসম বিধান সভাৰ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ ভোটকেন্দ্ৰ সমূহত প্ৰাৰ্থী সকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ডিব্ৰুগড়ৰ জিলাৰ সমষ্টি কেইটাতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷

মহামাৰীৰ সময়ত যিসকলে জয়ী হ'ব সেয়া অভূতপূৰ্ব জয় হ'ব: কপিল ছিবাল

কৰ’ণাৰ জটিল পৰিস্থিতিৰ মাজতে দেশৰ চাৰিখন ৰাজ্যত যিয়ে বিজয় সাব্যস্ত কৰিব তেওঁৰ জয় অভূতপূৰ্ব হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে ।

পাটাছাৰকুছি সমষ্টিত ৰণজিৎ দাসৰ অগ্ৰগতি

পাটাছাৰকুছি সমষ্টিত পঞ্চম ৰাউণ্ডৰ পিছত ৰণজিৎ কুমাৰ দাসৰ অগ্ৰগতি ৷ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিলে 26,575 টা ভোট ৷ ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় নিৰ্বাচন ৮০ খনতকৈও অধিক আসন লাভ কৰিব বিজেপিয়ে ।

ওড়িশাত ১৪ দিনৰ বাবে লক ডাউন

ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ওড়িশা চৰকাৰে সমগ্ৰ ৰাজ্যতে ১৪ দিনৰ লক ডাউন ঘোষণা কৰিছে । ৫ মে'ৰ পৰা ১৬ মে'লৈ অব্যাহত থাকিব এই লক ডাউন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.