ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Sep 28, 2020, 11:00 AM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 at 11 am
পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

জন্মদিন বিশেষঃ লতা মংগেশকাৰৰ যাদুকৰী কন্ঠৰে নিগৰা শ্ৰেষ্ঠ গীতসমূহ

1929 চনত জন্ম লাভ কৰা লতা আছিল মাৰাঠী সংগীতজ্ঞ পণ্ডিত দীননাথ মংগেশকাৰ আৰু তেখেতৰ গুজৰাটী পত্নী শীৱন্তীৰ জ্যেষ্ঠ কন্যা ৷ লতা মংগেশকাৰে লক্ষ্মীকান্ত-প্যাৰেলাল, মদন মোহন, এচ.ডি বৰ্মন, আৰ.ডি বৰ্মন, এ.আৰ ৰহামন আদিৰ দৰে বহু প্ৰখ্যাত সংগীত পৰিচালকৰ সৈতে কাম কৰিছে ৷

মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদত্যাগৰ আহ্বান প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ ৷ আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ পৰীক্ষাত হোৱা কেলেংকাৰীক লৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

সমাগত দুৰ্গাপূজা : কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

সন্মুখত শাৰদীয় দুৰ্গাপূজা, বিগত সময়সমূহত দুৰ্গাপূজা বুলি ক'লেই যিদৰে প্ৰতি গৰাকী লোকৰ মনত উৎসাহ দেখা যায় ঠিক তেনেদৰে ব্যৱসায়ী সকলৰ মুখতো দেখা যায় এক আশাৰ ৰেঙনি । কৰ’ণা মহামাৰীৰ বাবেই এইবাৰ ম্লান হৈ পৰিছে চৌপাশ ৷

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ পথ আৰু দলঙৰ আধাৰশিলা স্থাপন

অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিত বহু কেইখন নতুন দলং আৰু পথৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তা দধিৰাম শৰ্মা উপস্থিত থাকে ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সমান্তৰালকৈ, ডেৰাডুনৰ IMAত দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ উপৰিও আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডত পঠিওৱা হ’ব আইএনএচ বিৰাটক ৷ আনহাতে, 1991 চনত বলৱন্ত সিং মুলতানী সন্ধানহীন ঘটনাৰ অনুসন্ধানত যোগাদাৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান সুমেধ সিং চাইনীক চমন জাৰি কৰিছে পাঞ্জাৱ আৰক্ষীয়ে ৷

ডিগবৈত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিগবৈত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ ৷

এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা

ৰক্তদানৰ বাবে ত্ৰিপুৰাৰ যুৱকৰ বিশেষ ব্যৱস্থা গ্ৰহন ৷ ত্ৰিপুৰাৰ কেইজনমান যুৱকে মিলি নিৰ্মাণ কৰি উলিয়াইছে এক এপ্লিকেশ্যন ৷ গুগলত মুকলি কৰি দিয়া ই-ব্লাড সেৱা নামৰ এপটোৰ জড়িয়তে ইচ্ছুকসকলে ৰক্তদান কৰিব পাৰিব ৷ তেজৰ প্ৰয়োজন হোৱা লোক সকলেও এপটোৰ জৰিয়তে লাভ কৰিব পাৰিব ৷

মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

দেওবাৰে মৰিগাঁও জিলাৰ 81 নং লাহৰীঘাট বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলে এখন সভা অনুষ্ঠিত কৰি 41 জনীয়া এখন সমিতি গঠন কৰে ৷ বিধানসভা সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে গঠন কৰা হয় ৷

বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

বাঢ়নি পানীত উটি গ'ল মাজুলীৰ চকোৱা ঘাটৰ বনগাঁও শালমৰা সংযোগী দলং ৷ যোগাযোগৰ বাবে গাঁৱৰে যুৱকে নিজা খৰছৰে বাঁহৰ দলং খন নিৰ্মাণ কৰিছিল ৷ যোগাযোগৰ একমাত্ৰ ভৰসা দলং খন উটি যোৱাত চিন্তাত স্থানীয় ৰাইজ ৷

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে

হিমন্তক সমালোচনা নকৰিবলৈ কংগ্ৰেছ হাইকামাণ্ডে পৰামৰ্শ দিয়ে অসমৰ কংগ্ৰেছ নেতাক ! হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে । প্ৰয়োজনত ব্যক্তিগতভাৱে সহায় কৰিব হিমন্তক। চামগুৰিত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.