ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 7, 2020, 11:30 AM IST

Updated : Sep 7, 2020, 12:50 PM IST

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত ৰাজ্যপালৰ আলোচনা চক্ৰ সম্বোধন কৰিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে, আজিয়েই বিহাৰত এক ভাৰ্চুৱেল ৰেলী সম্বোধন কৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৷ সমান্তৰালকৈ ক’ভিড-19 মহামাৰী সন্দৰ্ভত আলোচনা কৰা হ’ব সংসদীয় পেনেলৰ বৈঠকত ৷

বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ 4,688 কোটিৰ সাহাৰ্য

মধ্য প্ৰদেশৰ কৃষকৰ বাবে বিশেষ আঁচনি ৷ 20 লাখ কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত সাহাৰ্য প্ৰদান ৷ ৰাজ্যখনৰ কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ৷

বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ

গৃহ দুটা নিৰ্মাণৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰিছে অঞ্চল দুটাৰ স্থানীয় ৰাইজ ৷ আগন্তুক বৰ্ষটো আৰু দুটা ওখ চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷

চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী

শনিবাৰে চিৰাং বন বিভাগে অভিযান চলাই জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱৰ পৰা বন্দুক সহ এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক ৷

জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল

ঘৰতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবে আদৰ্শ হৈ পৰিছে ধেমাজিৰ চিচিবৰগাঁৱৰ দুই যুৱক ক্ৰমে সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া ৷

মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

নগাঁৱত দেওবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ NHPC ৰ বাহন আৱদ্ধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰিলে 5 গৰাকীক ৷

মৰ্মান্তিকঃ কেনে পৰিস্থিতিত পৰিলে নিজ সন্তানক অনাথ আশ্ৰমত থব পাৰে মাতৃয়ে..

ওদালগুৰিৰ টংলা ৰূপাখাটাৰ ভানু বৰুৱা নামৰ মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ ধনৰ অভাৱ আৰু নিজ চিকিৎসাৰ ফলত জুৰুলা হৈ পৰাত সন্তান পোহপাল দিব নোৱাৰি তেখেতে অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল নিজৰ সন্তানক ৷

আদালতত বিবাহ বিচ্ছেদৰ আবেদন সাংসদৰ

ওড়িয়া ছবিজগতৰ জনপ্ৰিয় জুটি অনুভৱ মোহান্তে আৰু বৰ্ষা প্ৰিয়দৰ্শিনীয়ে বিবাহৰ 6 বছৰৰ পিছত দাখিল কৰিছে বিবাহ বিচ্ছেদৰ আবেদন ৷ দিল্লীৰ এখন আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে অভিনেতা তথা সাংসদ অনুভৱ মোহান্তেই ৷

জীৱন নাটৰ যৱননিকা পৰিল ভ্ৰাম্যমানৰ প্ৰখ্যাত অভিনেতা বাবুল খাটনিয়াৰৰ

অসামান্য অভিনয় প্ৰতিভাৰে সহস্ৰাধিক শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা ভ্ৰাম্যমানৰ সুদৰ্শন অভিনেতা বাবুল খাটনিয়াৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল ৷ দেওবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় শিল্পীগৰাকীৰ ৷

এন এইছ পি চিৰ ট্ৰাক আৱদ্ধ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক

এন এইছ পি চিৰ সামগ্ৰী ভৰ্তি ট্ৰাক আৱদ্ধ কৰিবলৈ গৈ আটক হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী ৷ দেওবাৰে নিশা এনএইচপিচিলৈ টাৰ্বাইনৰ লগতে অন্যান্য সামগ্ৰী কঢ়িওৱা একাংশ বাহন জব্দ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও শাখাৰ এটা দলে ৷

লগতে পঢ়ক-বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ

Last Updated : Sep 7, 2020, 12:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.