ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 4, 2020, 11:16 AM IST

Updated : Sep 4, 2020, 1:04 PM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 11 am
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন জনাব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ পাছিং আউট পেৰেডত সম্বোধন কৰিব ৷ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ছৰ্দাৰ বল্লৱভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিষ্ঠান প্ৰাংগনত ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

আজি IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ সমান্তৰালকৈ আজি বিত্ত আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টা পেনেলৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰিও ক’ভিড-19ৰ সময়ত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷

শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ

শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাথো এটা মাহ ৷ এনে সময়ত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে অসমবাসীলৈ উদ্দেশ্যি প্ৰেৰণ কৰিছে এক বাৰ্তা ৷ বাৰ্তাটোৰ জড়িয়তে এইবাৰৰ শাৰদীয় দূৰ্গোৎসৱ উদযাপন নকৰিবলৈ জনাইছে আহ্বান ৷

বিলাসীপাৰাত জব্দ বহু সংখ্যক পশুধন

ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গৰু আৰু মহৰ এটা বৃহৎ জাক ৷ আৰক্ষীয়ে অভিযানত পশুধন সমুহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে এই চোৰাং সৰবৰাহৰ লগত জড়িত দলটো ৷

মৰিগাঁৱত মীন বিভাগৰ এক আধাৰশিলা অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী

বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম মীন উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত নিৰ্মান হ’বলগীয়া গ্ৰাম্য পাৰিপাৰ্শ্বিক পৰ্যটন আৰু অতিথি গৃহটিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মণিষী উপবনৰো কৰিলে শুভ উদ্বোধন ৷

ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাল আৰু মুখ্য ন্যায়ধীশলৈ আবেদন কৰিছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ গাঁওবাসীয়ে চৰকাৰী ভূমি বলপূৰ্বকভাবে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি ব্যক্তি গৰাকীৰ লগতে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰাৰ বাবে এই সিদ্ধান্ত লোকজনৰ ৷

গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত প্ৰকাশ কৰা হয় পৰীক্ষাৰ সময়সূচী । সময়সূচী অনুসৰি, 15 ৰ পৰা 20 চেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল পৰীক্ষা আৰু 22 ৰ পৰা 29 চেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা ।

দিখাৰী নৈত মাছ মাৰিবলৈ গৈ এজনৰ সলিল সমাধি

ধেমাজিৰ দিখাৰী নদীত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি ৷ মৃত্যু হোৱা লোকজন চিলাপথাৰ থানাৰ অন্তৰ্গত দিপা বগৰীগুৰী গাঁৱৰ পুতুল বসুমতাৰীৰ পুত্ৰ ৰাজা বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

ৰাজ্যত এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায়ৰ নিৰ্বাচন

অসম বিধান সভাত দ্য আছাম মিউনিচিপাল বিধেয়ক গৃহীত ৷ আগন্তুক এবছৰত যি সমূহ পৌৰসভা বা নগৰ সমিতিৰ কাৰ্যকাল শেষ হ’ব সেই সমূহ স্থানীয় জিলা উপায়ুক্ত বা চক্ৰ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ৷

শিশু নির্যাতনকাৰী চিকিৎসক আৰু অধ্যক্ষাক গ্ৰেপ্তাৰত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী

শিশু নির্যাতনকাৰী চিকিৎসক ডাঃ সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক গ্ৰেপ্তাৰত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী । ডিব্ৰুগড় সদৰ থানা ঘেৰাও প্ৰতিবাদকাৰীৰ ৷

Last Updated : Sep 4, 2020, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.