ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 13, 2020, 11:00 AM IST

Updated : Aug 13, 2020, 1:18 PM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি...

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ বাতৰি
  1. মাজনিশা মহানগৰীত জুবিনক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

ষ্টুডিঅ’ৰ পৰা নিজ গৃহলৈ উভতি অহাৰ সময়তে গণেশগুৰিত শিল্পীগৰাকীৰ ওপৰত আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ ইতিমধ্যে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছে শিল্পীগৰাকীয়ে ৷ কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাতৰ পাছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল শিল্পীগৰাকী ৷

2. প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ৰহাৰ মীন মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হৈ যায় এক মীন সম্পৰ্কীয় কৰ্মশালা ৷ আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে আয়োজিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

3. ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ভাদমহীয়া পাল নামৰ আয়োজন

পুনৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত অনুষ্ঠিত হ'ব পালনাম ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ হোৱা বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে ।

4. মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

মৰিগাঁৱৰ এগৰাকী যুৱ কৃষকে উদ্ভাৱন কৰিছে কৃষিৰ উপযোগী এক যন্ত্ৰ ৷ চাৰিটা নট-বল্টুৰে নিৰ্মিত এই যন্ত্ৰটো এখন হাতেৰে কঢ়িয়াই লৈ ফুৰিব পাৰি ৷ ইন্ধনবিহীন যন্ত্ৰটোৰ সহায়ত পথাৰত ৰোপণ কৰিব পৰা যাব ভূঁই ।

5. জম্মু-কাশ্মীৰ : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত চেনাব নৈত বিএছএফৰ টহল

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে পাকিস্তানৰ সৈতে সংলগ্ন চেনাব নদীৰ আন্তৰাষ্ট্ৰীয় সীমা টহল দিয়ে সীমা সুৰক্ষা বাহিনীয়ে ৷ সীমা সুৰক্ষা বাহিনীয়ে সু-সজ্জিত জাহাজেৰে সীমান্ত পৰিদৰ্শন কৰি নিৰাপত্তা দিশটো সুনিশ্চিত কৰে ৷

6. শিৱসাগৰত চুৰিকাঘাতত নিহত এজন

শিৱসাগৰত দিগন্ত গগৈ নামৰ এজন ব্যক্তিক চুৰীৰে আঘাত কৰি হত্যা কৰিলে একে পৰিয়ালৰে মন্দিপ চাংমাই নামৰ এজন ব্যক্তিয়ে ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰীসহ 7 জন অভিযুক্তক ৷

7. ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ

অহা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে লাভ কৰিব এই আঁচনি। লগতে ১৭ আগষ্টৰ পৰা আচঁনিখনৰ কাম-কাজ আৰম্ভ হ'ব । এই আঁচনিখনৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰদান কৰা হ'ব প্ৰতিমাহে 830 টকাকৈ আৰ্থিক সাহায্য ।

8. 'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৃথকে পৃথকে নাহৰকটীয়া আৰু চাচনীত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

9. ৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক

যোৱা দুমাহত দুটাকৈ প্ৰলয়ংকাৰী বানৰ কৱলত পৰা ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান যথেষ্ট উন্নত হৈছে যদিও এতিয়া বহু অঞ্চল সম্পূৰ্ণভাৱে মুক্ত হোৱা নাই বানপানীৰ কৱলৰ পৰা ।

10. কাশ্মীৰত সেনাৰ হাতত নিধন হিজবুলৰ কামাণ্ডাৰ

বুধবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হয় হিজবুল মুজাহিদীনৰ এগৰাকী শীৰ্ষ কামাণ্ডাৰ ৷ সেনাই নিধন কৰা হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীটো আজাদ লালহৰি বুলি জানিব পৰা গৈছে ৷

Last Updated : Aug 13, 2020, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.