ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 28, 2020, 1:00 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

বাইহাটা চাৰিআলিত শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই

দেওবাৰে নিশা বাইহাটা চাৰিালিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত দুজনকৈ লোকৰ থিতাতে মৃত্যু হয় ৷

ওদালগুৰিত স্বাস্থ্যকৰ্মীক আক্ৰমণ একাংশৰ

ক'ভিড টেষ্টৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিছাৰ একাংশ লোকৰ ৷ আক্ৰমণত আহত কেইবাজনো স্বাস্থ্যকৰ্মী ৷ ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদত্যাগৰ আহ্বান প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ ৷ আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ পৰীক্ষাত হোৱা কেলেংকাৰীক লৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

সমাগত দুৰ্গাপূজা : কৰ’ণা মহামাৰীয়ে ম্লান কৰিছে পূজাৰ বজাৰ

ৰাজ্যত কৰ'ণা ভাইৰাছত মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম কৰাৰ লগতে আক্ৰান্ত হৈছে প্ৰায় এক লাখ ষাঠি হাজাৰৰো অধিক লোক । ইপিনে সন্মুখত শাৰদীয় দুৰ্গাপূজা, বিগত সময়সমূহত দুৰ্গাপূজা বুলি ক'লেই যিদৰে প্ৰতি গৰাকী লোকৰ মনত উৎসাহ দেখা যায় ঠিক তেনেদৰে ব্যৱসায়ী সকলৰ মুখতো দেখা যায় এক আশাৰ ৰেঙনি । কৰ’ণা মহামাৰীৰ বাবেই এইবাৰ ম্লান হৈ পৰিছে চৌপাশ ৷

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ পথ আৰু দলঙৰ আধাৰশিলা স্থাপন

অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিত বহু কেইখন নতুন দলং আৰু পথৰ আধাৰশিলা স্থাপন কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তা দধিৰাম শৰ্মা উপস্থিত থাকে ৷

ডিগবৈত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিগবৈত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ ৷

এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা

ৰক্তদানৰ বাবে ত্ৰিপুৰাৰ যুৱকৰ বিশেষ ব্যৱস্থা গ্ৰহন ৷ ত্ৰিপুৰাৰ কেইজনমান যুৱকে মিলি নিৰ্মাণ কৰি উলিয়াইছে এক এপ্লিকেশ্যন ৷ গুগলত মুকলি কৰি দিয়া ই-ব্লাড সেৱা নামৰ এপটোৰ জড়িয়তে ইচ্ছুকসকলে ৰক্তদান কৰিব পাৰিব ৷ তেজৰ প্ৰয়োজন হোৱা লোক সকলেও এপটোৰ জৰিয়তে লাভ কৰিব পাৰিব ৷

মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

দেওবাৰে মৰিগাঁও জিলাৰ 81 নং লাহৰীঘাট বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলে এখন সভা অনুষ্ঠিত কৰি 41 জনীয়া এখন সমিতি গঠন কৰে ৷ বিধানসভা সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে গঠন কৰা হয় ৷

৩৮ বছৰত ভৰি দিলে অভিনেতা ৰণবীৰ কাপুৰে

৩৮ বছৰীয়া হ'ল জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। ওপজা দিনত জ্যেষ্ঠ ভগ্নী ৰিদ্ধিমাই শুভেচ্ছা জনালে ভাতৃ ৰণবীৰক। ইনষ্টাগ্ৰাম পোষ্টযোগে ভাতৃৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি শুভকামনা যাচিলে ৰিদ্ধিমাই।

আইপিএল 2020ঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় সন্দৰ্ভত ৰাহুলৰ প্ৰতিক্ৰিয়া

ৰাজস্থান ৰয়েলছে বৃহৎ 224 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিংছ ইলেভেন পাঞ্জাৱক ৷ এইয়া আইপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ ৰাণ ৷ ষ্টীভ স্মিথৰ দলে 4 উইকেটত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কিংছ ইলেভেনৰ হৈ মায়ংক অগৰৱালাই শতক অৰ্জন কৰাৰ পিছতো দলটোৱে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিবলগীয়া হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.