বাইহাটা চাৰিআলি, 15 ছেপ্তেম্বৰঃ বৰ্তমানো সন্ধান ওলোৱা নাই বাইহাটা চাৰিআলিৰ চাংসাৰিৰ পৰা নিৰুদ্দেশ হোৱা 3 ছাত্ৰৰ । বিদ্যালয়ৰ পৰা আহি ভাত পানী খাই পুনৰ খেলিবলৈ গৈ নিৰুদ্দেশ হয় চাংসাৰিৰ শিলভড়াল গাৱঁৰ 3 ছাত্ৰ । নিৰুদ্দেশৰ 5 দিন উকলি যোৱাৰ পিচতো কোনো সন্ধান পোৱা নাই কিশোৰ কেই গৰাকীৰ । প্ৰতিগৰাকী কিশোৰৰ পৰিয়ালে নিজৰ আত্মীয়ৰ ঘৰত বিচাৰ খোচাৰ কৰাৰ পিচতো শুংসুত্ৰ পোৱা নাই কিশোৰ ছাত্ৰ কেইগৰাকীৰ ।
প্ৰাঞ্জল দাস , দ্বীপ দাস আৰু প্ৰণৱ দাস নামৰ এই কিশোৰ কেইগৰাকীক কোনো অচিন ব্যক্তিয়ে স্কুটিত উঠাই লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ । কিশোৰ কেইগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত চাংসাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কিশোৰ কেইগৰাকীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই । কোনো ব্যক্তিয়ে কিশোৰ কেইগৰাকীৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা চাংসাৰি আৰক্ষী থানাত খবৰ দিয়াৰ বাবে অনুৰোধ জনায় ।