ETV Bharat / state

Thief in Rangia School: ৰঙিয়াৰ বিদ্যালয়ত চোৰৰ বিফল অভিযান - Thief in Rangia School

ৰঙিয়াৰ এখন বিদ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰিও বিফল হ’ল চোৰ (Thief in Rangia School)৷ বিদ্যালয়খনত চিচিটিভি কেমেৰাৰ সংযোগ থকা বুলি ভুল ভাবি পলায়ন কৰিলে চোৰে ৷

Thief at Rangia School
ৰঙিয়াৰ বিদ্যালয়ত চোৰৰ বিফল অভিযান
author img

By

Published : Nov 28, 2022, 2:20 PM IST

ৰঙিয়া, 28 নৱেম্বৰ : ৰঙিয়াত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনি । ৰঙিয়াৰ আঠ নং ৱাৰ্ডৰ প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয়ত তলা ভাঙি প্ৰৱেশৰ চেষ্টা চলালে চোৰে (Thief at Rangia School)।

দেওবাৰে নিশাৰ ভাগত বিদ্যালয়খনৰ কম্পিউটাৰ প্ৰশিক্ষণৰ কোঠাটোৰ দুটাকৈ তলা ভাঙিলে চোৰে । অৱশ্যে তলা ভঙাৰ পাচতো চোৰে কোঠাটোৰ ভিতৰলৈ প্ৰৱেশ নকৰিলে । কিয়নো কোঠাটোৰ দুৱাৰতে আঁৰি থোৱা আছে এখন বিশেষ ফলক । ফলকখনত লিখা আছে ‘‘YOU ARE UNDER CCTV SERVEILLANCE’’.

তাৰ পাচত চোৰৰ দলে কোনো সা-সামগ্ৰী চুৰি নকৰাকৈয়ে বিদ্যালয় এৰি পলায়ন কৰিলে । সোমবাৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল আহি হতবাক হৈ পৰে । বিদ্যালয়ৰ কম্পিউটাৰ প্ৰশিক্ষণৰ কোঠালীটোৰ দুটাকৈ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে (Thief at Pragati High School) । ঘটনা সন্দৰ্ভত খবৰ দিয়া হ'ল ৰঙিয়া আৰক্ষীক (Rangia police)।

ৰঙিয়াৰ বিদ্যালয়ত চোৰৰ বিফল অভিযান

খবৰ লাভ কৰাৰ পাচতে এগৰাকী আৰক্ষী বিষয়া বিদ্যালয়খনত উপস্থিত হৈ তদন্ত কৰাত জানিব পাৰিলে যে বিদ্যালয়ৰ পৰা একো সামগ্ৰী চুৰি হোৱা নাই ৷ উল্লেখ্য যে, যোৱা পৌৰসভা নিৰ্বাচনৰ সময়ত এদিনৰ বাবে স্থাপন কৰা হৈছিল চিচিটিভি । কিন্তু চিচিটিভিৰ নজৰত থকা বুলি আঁৰি থোৱা ফলকখন বৰ্তমানেও আঁৰি ৰখা হৈছিল (CCTV camera at Rangia school)। সেয়েহে ৰাইজে ধাৰণা কৰিছে চিচিটিভিৰ বেনাৰ দেখিয়েই চোৰে পলায়ন কৰিলে ।

ইফালে বিদ্যালয়খনৰ দুটা ফালে সম্পূৰ্ণ উন্মুক্ত অৱস্থাত থকাৰ বাবে এনেদৰে চোৰে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে সচেতন মহলে । বিদ্যালয় কতৃপক্ষই ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.