হাজো,11 জুনঃ হাজোৰ আদালতৰ সন্মুখত বুধবাৰে নিশা ভয়ংকৰ পৰিস্থিতি। গৰু চোৰৰ দলৰ সৈতে আৰক্ষীৰ খেদা খেদি। এখন Mahindra Quanto গাড়ীলৈ আহিছিল গৰু চোৰকেইটাই । গাড়ীৰ ভিতৰত আছিল তিনিটাকৈ গৰু। নিশা আৰক্ষীৰ গাড়ী দেখি প্ৰথমে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় গৰু চোৰটোৱে আৰু তাৰ পিছতেই পলাবলৈ চেষ্টা কৰোতে গৰু চোৰৰ গাড়ীলৈ আৰক্ষীয়ে গুলীবৰ্ষণ কৰে এক জাই গুলি । অৱশেষত খেদি খেদি আৰক্ষীয়ে জব্দ কৰে AS-01-BJ-5683 নম্বৰৰ Mahindra Quanto গাড়ীৰ লগতে তিনিটাকৈ গৰু। লগতে গ্ৰেপ্তাৰ কৰে জাকিৰ আলী নামৰ এটা কুখ্যাত গৰু চোৰক ।
![thief-arrested-at-hajo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-kam-802-hajo-cow-thef-1arrest-7204372_11062020143622_1106f_1591866382_328.jpg)
লগতে পঢ়কঃ বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে