পলাশবাৰী,1 এপ্ৰিল: চোৰে ঘৰৰ পৰা সোণৰ আ-অলংকাৰ, ধন আদি চোৰ কৰাৰ উপৰিও চোৰ কৰিছে গাড়ী ৷ ঠিক তেনে সময়তে কিছুদিন পূৰ্বে পলাশবাৰী চহৰৰ এখন দোকানত AS-01-HC-00 61 নম্বৰৰ চুইফট ডিজায়াৰ বাহনেৰে আহি লুট পাট চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল । তাৰ পিছতে পলাশবাৰী আৰক্ষী চকীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই যোৰাবাট ফালৰ পৰা আহি থকা অৱস্থাত এটা চোৰক আটক কৰে । পিছত সেই চোৰটোক লৈ পুনৰ অভিযান চলাই হাজোৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখনৰ চালকসহ এজনক আটক কৰাৰ লগতে আন এজনক আটক কৰে মহানগৰীৰ গান্ধীমণ্ডপৰ সমীপৰ পৰা । বৰ্তমান চাৰিটা চোৰ ক্ৰমে ছাহাজাহান আলী, নবিচা আলী, মইনুল হক আৰু নবিৰ অলীক পলাশবাৰী থানাত আৰক্ষীয়ে ৰাখি সোধ পোছ অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে বৰ্তমান আৰু লোক জড়িত থকাৰ সন্দেহত পলাশবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
পলাশবাৰী আৰক্ষীৰ জালত চুইফট চলোৱা চোৰ - ETV BHARAT ASSAM
দীৰ্ঘদিন ধৰি পলাশবাৰী অঞ্চলত চোৰে চলাই আহিছে সন্ত্ৰাস ৷ পলাশবাৰীৰ বিভিন্ন ঠাইত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাৰ্য । চোৰে ঘৰৰ পৰা সোণৰ আ-অলংকাৰ, ধন আদি চোৰ কৰাৰ উপৰিও চোৰ কৰিছে গাড়ী ৷