কামৰূপ , 01 এপ্ৰিলঃ কামৰূপ জিলাৰ ডিমুৰ ডোবক চ`কত মঙলবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় ৷ দুখনকৈ ইলেক্ট্ৰনিকচ সামগ্ৰীৰ দোকানত চোৰে চলালে চাফাই অভিযান ৷ প্ৰায় 8 লাখ টকাৰ সামগ্ৰী চোৰে লুটি নিয়ে বুলি জানিব পৰা গৈছে ৷
নিশা প্ৰতিকূল বতৰৰ সুযোগলৈ চোৰে দুৱাৰৰ তলা ভাঙি এই চুৰিকাণ্ড সংঘটিত কৰে ৷ বাপা ইলেক্ট্ৰনিকছ আৰু শৰ্মা ইলেক্ট্ৰনিক নামৰ প্ৰতিষ্ঠান দুখনৰ তলা ভাঙি চোৰে দুয়োখন বিপণীৰ পৰা ম'বাইল, লেপটপ, ফেনকে ধৰি 8 লক্ষাধিক টকাৰ ইলেকট্ৰনিক সামগ্ৰী লুটি কৰি নিয়ে ৷ ইতিমধ্যে দুয়োখন বিপণীৰ স্বত্বাধিকাৰী মতিউৰ ৰহমান আৰু ভবেশ শৰ্মাই ডোবক আৰক্ষী চকীত এই সন্দৰ্ভত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে ৷ বিপণীৰ স্বত্বাধিকাৰীদ্বয়ৰ এজাহাৰৰ ভিত্তিত ডোবক আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷