ETV Bharat / state

ব্ৰিটেনীয়া উদ্যোগৰ তেল চুৰিৰ সৈতে জড়িত মূল অভিযুক্তক আটক - Chaygaon Police Station

ব্ৰিটেনীয়া উদ্যোগৰ পৰা হাজাৰ হাজাৰ ৰিফাইন তেল দুষ্টচক্ৰই অতি কৌশলেৰে প্ৰায়েই চুৰি কাৰ্য সংঘটিত কৰি আহিছিল (Theft of refine oil from Britannia) ৷ কৰ্তৃপক্ষই পলমকৈ হ'লেও এই চোৰাং বেহাৰ উমান পাই উপায়ন্তৰ হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ বিজয়নগৰ আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতে প্ৰাঞ্জল কলিতা নামৰ যুৱকক আটক কৰে ৷

The main culprit involved in the theft of refine oil from Britannia  company has been arrested
ব্ৰিটেনীয়া উদ্যোগৰ ৰিফাইন তেল চুৰিৰ সৈতে জড়িত মূল অভিযুক্তক আটক
author img

By

Published : Oct 6, 2020, 7:26 PM IST

Updated : Aug 24, 2022, 9:40 PM IST

দক্ষিণ কামৰূপ/আজাৰা, 6 অক্টোবৰঃ অৱশেষত উদ্ধাৰ কৰা হ'ল ব্ৰিটেনীয়া উদ্যোগৰ পৰা চুৰি হোৱা ২ লাখ ৮০ হেজাৰ টকা মূল্যৰ ৩৮০০ লিটাৰ ৰিফাইন তেল সহ ট্ৰেংকাৰ (Theft of refine oil from Britannia)৷ পলাশবাৰীৰ বিজয়নগৰ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে,ৰামপুৰস্থিত বিস্কুট প্ৰস্তুতকাৰী উদ্যোগ ব্ৰিটেনীয়াত দীৰ্ঘদিনধৰি চলি আহিছিল বিস্কুট প্ৰস্তুতকৰণত ব্যৱহৃত ৰিফাইন তেলৰ চোৰাং বেহা ৷ উদ্যোগ প্ৰতিষ্ঠানটোৰ মজুত ভাণ্ডাৰৰ পৰা হেজাৰ হেজাৰ ৰিফাইন তেল দুষ্ট চক্ৰই অতি কৌশলেৰে প্ৰায়েই চুৰি কাৰ্য সংঘটিত কৰি আহিছিল যদিও কৰ্তৃপক্ষই একো উম-ঘামেই পোৱা নাছিল ৷ কিন্তু কৰ্তৃপক্ষই পলমকৈ হ'লেও এই চোৰাং বেহাৰ উমান পাই উপায়ন্তৰ হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

বিজয়নগৰ আৰক্ষীয়ে পিএছ ৪২১\২০২০ ইউএছ ৩৭৯\৩৪ আইপিচিৰ অধীনত গোচৰ ৰুজু কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ অতি গোপনে অনুসন্ধান চলাই ছয়গাঁও আৰক্ষী থানাৰ(Chaygaon Police Station) অন্তৰ্গত টকৰাদিয়া গাঁৱৰ পৰা প্ৰাঞ্জল কলিতা নামৰ যুৱক এজনক ঘটনা সন্দৰ্ভত আটক কৰে (Oil thief of Britannia Industry arrested) ৷ ইয়াৰ পিছতে পোহৰলৈ আহে চুৰি কাৰ্যৰ সকলো তথ্য ৷

প্ৰাপ্ত খবৰ অনুসৰি,বিস্কুট প্ৰস্তুতকাৰী উদ্যোগটোত দীৰ্ঘদিন ধৰি কাম কৰা অভিযুক্ত প্ৰাঞ্জল কলিতাই প্ৰতিষ্ঠানটোৰ ৰিফাইন মজুত ভাণ্ডাৰৰ পৰা অন্য লগৰীয়াৰ সৈতে ৰিফাইন তেল চুৰি কৰিছিল ৷ তদুপৰি,WB-29A-1297 নম্বৰ ট্ৰেংকাৰেৰে বৃহৎ ধনৰ বিনিময়ত কলকাতালৈ সৰবৰাহ কৰি আহিছিল ৰিফাইন তেল ৷ তাৰ বিনিময়ত প্ৰাঞ্জল কলিতাই এবাৰত ২৫ হেজাৰ টকা লাভ কৰিছিল ৷

আনহাতে,এই ঘটনা সন্দৰ্ভত বৰ্তমানেও বিজয়নগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃকৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

Last Updated : Aug 24, 2022, 9:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.