ETV Bharat / state

অস্থায়ী শিবিৰৰ বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতি

author img

By

Published : Jul 29, 2020, 2:19 PM IST

ৰঙিয়াৰ পুঠিমাৰীৰ মথাউৰি ভাঙি বানে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাত জন সাধাৰণৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ এই মথাউৰি ভঙাৰ 19 দিন অতিক্ৰম কৰাৰ পিছতো হ্ৰাস পোৱা নাই বানৰ তাণ্ডৱ ৷ সেয়ে স্থাপন কৰা অস্থায়ী শিবিৰত যথেষ্ঠ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷

The inexplicable situation of the temporary camp of flood victims rangia kamrup rural assam etv bharat news
বানাক্ৰান্তৰ দুৰৱস্থা

ৰঙিয়া,29 জুলাই: বাৰিষাৰ তৃতীয়টো বানে একপ্ৰকাৰ স্তব্ধ কৰি পেলাইছে ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন প্ৰক্ৰিয়া ৷ ৰাজ্যৰ প্ৰায় 30 খন জিলাত বানে তাণ্ডৱ সৃষ্টি কৰাত হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছে বানাক্ৰান্তৰ মাজত ৷ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া মহকুমা বানে প্লাৱিত কৰাৰ ফলত জন সাধাৰণে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বিভিন্ন অস্থায়ী আশ্ৰয় শিবিৰত ৷ পুঠিমাৰীৰ মথাউৰি ভাঙি বানে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাত জন সাধাৰণৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ এই মথাউৰি ভঙাৰ 19 দিন অতিক্ৰম কৰাৰ পিছতো হ্ৰাস পোৱা নাই বানৰ তাণ্ডৱ ৷ সেয়ে এক অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে ৰঙিয়াৰ বিহাপাৰাত ৷ এই শিবিৰত যথেষ্ঠ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷ বানত গৃহহাৰা প্ৰায় ৪৫ টা পৰিয়ালে ত্ৰিপালৰ সহায়ত অস্থায়ী বাসগৃহ সাজি আশ্ৰয় লৈছে পথৰ ওপৰত ৷ চৰকাৰে মাত্ৰ এদিন খাদ্য যোগান ধৰিয়ে সামৰিছে দায়িত্ব ৷ তদুপৰি এই শিবিৰ সমূহত যোগান ধৰা হোৱা নাই কোনোধৰণৰ শিশু আৰু পশু খাদ্য ৷ কৃষিৰ ওপৰত ভিত্তি কৰি দীৰ্ঘদিনে জীৱন ধাৰণ কৰা অঞ্চলটোৰ লোকসকলে মূৰে-কপালে হাত দিয়াৰ বাদে অন্য কোনো গত্যন্তৰ নোহোৱা হৈছে ৷

বানাক্ৰান্তৰ দুৰৱস্থা

উল্লেখ্য যে,ৰঙিয়া মহকুমাৰ অন্তৰ্গত উক্ত অঞ্চল বিটিচিৰ অধীনস্থ হোৱা হেতুকে ৰাজ্য চৰকাৰ অথবা বিপিএফ-ৰ চৰকাৰে ইয়াৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত গা এৰা মনোভাৱ পোষণ কৰা দেখা গৈছে ৷ যাৰ ফলত সকলো ক্ষেত্ৰতে অনগ্ৰসৰ হৈ ৰোৱাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী ৷

লগতে চাওকঃ খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগৰ স্বীকৃতি প্ৰধানমন্ত্ৰীৰ : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.