আজাৰা, 11 অক্টোবৰ: শনিবাৰে নিশা এক ভূমিকম্পই ৰাজ্যক জোকাৰি যায় ৷ নিশা 11 বাজি 8 মিনিটত অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত 5.3 আছিল বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ এটা অঞ্চল ৷
মণিপুৰৰ টামাংগলং জিলাৰ পৰা 28 কিলোমিটাৰ আঁতৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷ এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই যদিও অসম-মণিপুৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ সৰ্বাধিক প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: পাণ্ডুত চোৰৰ লুটপাতঃ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচি টিভি কেমেৰাত