ETV Bharat / state

অসহযোগ আন্দোলনত বহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী

প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী ৷ 10-12 বছৰে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীৰ অসহযোগ অন্দোলন ৷ মিৰ্জাৰ কোছপাৰা পানী যোগান কেন্দ্ৰত প্ৰায় তিনিশতাধিক শ্ৰমিক-কৰ্মচাৰীৰ মহাত্মা গান্ধীৰ ছবি সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত ৷ ৰিহন দৈমাৰী আৰু অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীৰ ক্ষোভ ৷

author img

By

Published : Oct 2, 2020, 6:12 PM IST

গান্ধী জয়ন্তীৰ দিনাই প্ৰাপ্য বিচাৰি প্ৰতিবাদ

আজাৰা, 2 অক্টোবৰ: গান্ধী জয়ন্তীৰ দিনটোতে জাতিৰ পিতা গৰাকীৰ ছবি সন্মুখত লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ সাব্যস্ত ৷ প্ৰাপ্য বিচাৰি 10 -12 বছৰে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে গ্ৰহম কৰিলে অসহযোগ আন্দেলনৰ কাৰ্যসূচী ৷ চাকৰি নিয়মীয়াকৰণ তথা প্ৰাপ্য অধিকাৰ প্ৰদানৰ দাবীৰে আজিৰে পৰা আৰম্ভ হোৱা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ এই "অসহযোগ আন্দোলন" কাৰ্যসূচী 8 অক্টোবৰ তাৰিখলৈ অব্যাহত থাকিব ৷

জনস্বাস্থ্য কাৰীকৰি বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ
জনস্বাস্থ্য কাৰীকৰি বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ "অসহযোগ আন্দোলন"

গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশজুৰি সকলোৱে জাতিৰ পিতা গৰাকীক সোঁৱৰাৰ পৰিৱৰ্তে গান্ধীৰ ছবি সন্মুখত ৰাখি প্ৰাপ্যৰ দাবী জনাই প্ৰতিবাদত বহিল দুৰ্ভগীয়া লোকসকল ৷ সমগ্ৰ ৰাজ্যৰ লগতে পলাশবাৰীৰ মিৰ্জাৰ কোছপাৰা পানী যোগান কেন্দ্ৰত প্ৰায় তিনি শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ প্ৰাপ্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰিলে ৷ ৰিহন দৈমাৰী ৰ লগতে অসম চৰকাৰ বিৰোধী ভিন্ন শ্ল'গানেৰে কৰ্মচাৰীসকলে প্ৰতিবাদথলী উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: কেলেংকাৰীৰ কথা কোৱাৰ পূৰ্বে ৰিপুন বৰাই নিজৰ ইতিহাসটো চাওক : পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.